মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছে বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈক - 22 years
🎬 Watch Now: Feature Video
আজি 30 জুন ৷ বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ 22 সংখ্যক মৃত্যু বাৰ্ষিকী । 1999 চনৰ আজিৰ দিনটোতে কাৰ্গিল যুদ্ধত দেশমাতৃৰ হকে শ্বহীদ হৈছিল গোলাঘাট জিলাৰ খুমটাইৰ সন্তান কেপ্তেইন জিণ্টু গগৈ । আজি বীৰ শ্বহীদজনক সুঁৱৰিছে সমগ্ৰ দেশবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে । আজি খুমটাইৰ জিণ্টু গগৈৰ সমাধিক্ষেত্ৰতো জ্বলি উঠিছে বন্তি । ভাৰতীয় সেনাৰ 17 গাড়ৱাল ৰেজিমেণ্টত কৰ্মৰত আছিল জিণ্টু গগৈ । 1999 চনত কাৰ্গিল যুদ্ধত জম্মু–কাশ্মীৰত নিয়োগ কৰা হৈছিল গাড়ৱাল ৰেজিমেণ্টক । ছুটী লৈ ঘৰত অহা জিণ্টু গগৈক সেনাৰ ফালৰ পৰা মাতি পঠিওৱা হৈছিল । কিন্তু ছুটী শেষ নৌহওঁতেই পুনৰ কৰ্তব্যত যোগদানৰ বাবে ৰাওনা হৈছিল জিণ্টু গগৈ ।
TAGGED:
22 years