পঞ্চমবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে ভূৱনেশ্বৰ কলিতাৰ শপত গ্ৰহণ

By

Published : Jul 22, 2020, 1:52 PM IST

Updated : Jul 22, 2020, 4:50 PM IST

thumbnail

বিজেপি দলৰ হৈ ভূৱনেশ্বৰ কলিতাই আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে ৷ উচ্চ সদনত তেওঁ অসমক পঞ্চমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিব ৷ ইয়াৰ পূৰ্বে কলিতাই এবাৰ লোকসভাৰ সাংসদ হিচাপেও অসমক প্ৰতিনিধিত্ব কৰিছিল ৷ 1998 চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল ৷ উল্লেখ্য যে, 2019 চনৰ 9 আগষ্টত ভূৱনেশ্বৰ কলিতাই বিজেপি দলত যোগদান কৰিছিল ৷ এই বৰ্ষৰ 18 মাৰ্চত তেওঁ বিজেপি দলৰ হৈ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় ৷ কংগ্ৰেছ দলৰ হৈ দীৰ্ঘদিন সেৱা আগবঢ়াই অহা ৰাজনীতিবিদ গৰাকীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থৰ দোহাই দি 2019 চনৰ 5 আগষ্টত কংগ্ৰেছ দল ত্যাগ কৰিছিল ৷ উল্লেখ্য যে, পদত্যাগৰ পূৰ্বে ভূৱনেশ্বৰ কলিতাই 2005 চনৰ পৰা 2014 চনলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সমিতিৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ 2001 চনত ভূৱনেশ্বৰ কলিতাই ৰঙিয়াৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাচতে 2002 চনত ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷

Last Updated : Jul 22, 2020, 4:50 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.