thumbnail

By

Published : Oct 5, 2021, 2:11 PM IST

ETV Bharat / Videos

বেঁকী নৈৰ গৰাখহনীয়াৰ কবলত কলগাছিয়াৰ গড়কাপ্তানী পথ

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰী গাঁৱত বেঁকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে । গৰাখহনীয়াৰ ফলত বিগত চাৰিমাহত অঞ্চলটোত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালে নিজৰ ঘৰ-বাৰী হেৰুৱাইছে । ইয়াৰ মাজতে সোমবাৰে নিশা অহা ধাৰাসাৰ বৰষুণৰ ফলত কলগাছিয়াৰ পৰা আমগুৰি হৈ বৰপেটালৈ যোৱা গড়কাপ্তানী পথলৈও আহিছে চৰম ভাবুকি । ইতিমধ্যে গৰাখহনীয়াৰ কৱলত পৰি পথটোৰ বিভিন্ন স্থানত ফাট মেলিছে । কিন্তু প্ৰশাসনে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া উপায়বিহীন হৈ পৰিছে স্থানীয় লোক । নিৰুপায় হৈ স্থানীয় ৰাইজে গছ-গছনি, বাঁহ আদিৰে খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা চলাইছিল যদিও বিফল হোৱা পৰিলক্ষিত হৈছে । শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিবলৈও চৰকাৰক দাবী জনাইছে ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.