বিস্ফোৰণ সম্পৰ্কত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া
🎬 Watch Now: Feature Video
আলফালৈ সন্দেহৰ আঙুলি পোনাইছে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে অতি সোনকালে সকলো তথ্য লাভ কৰিব পৰা যাব বুলি মন্তব্য কৰে মহন্তই ৷ এই বিস্ফোৰণৰ ফলত কোনো লোক আহত নোহোৱাৰ লগতে ৰাজহুৱা সম্পত্তিৰো ক্ষতি হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ উল্লেখ্য যে, গণতন্ত্ৰ দিৱসৰ পুৱা ভাগতে ডিব্ৰুগড়ৰ তিনিটাকৈ স্থান আৰু চৰাইদেউৰ সোণাৰিত এটা গ্ৰেনেড বিস্ফোৰণ সংঘটিত হয় ৷