হোম-যজ্ঞৰে বুধবাৰে দাহন হ’ব গঁড়ৰ খৰ্গ - assam forest department

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 21, 2021, 10:45 PM IST

বুধবাৰে দাহ কৰা বোকাখাতত হ’ব ২৪৮৯ টা গঁড়ৰ খৰ্গ ৷ হোম-যজ্ঞৰে বৈদ্যিকভাৱে সম্পন্ন কৰা হ’ব এই কাৰ্য ৷ অসমৰ ৭ টা জ'নৰ কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ 2623 টা গঁড়ৰ খৰ্গৰ ভিতৰৰ 2489 টা খৰ্গ দাহন হব বোকাখাতত । ২২ চেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2489 টা খৰ্গ দহন কৰিব । ৰাজ্যৰ বিভিন্ন কোষাগাৰত সংৰক্ষিত খৰ্গসমূহ ইতিমধ্যে ৩১ টা বাকচত আবদ্ধ কৰি বোকাখাতৰ কোষাগাৰলৈ স্থানান্তৰিত কৰা হৈছে । খৰ্গ দাহনৰ বাবে বোকাখাতৰ  ৰাজহুৱা খেলপথাৰত ৬ টা  চৌকা স্থাপন কৰি বিশেষ পদ্ধতি অৱলম্বন কৰি মুঠ 2489 টা খৰ্গ দাহ কৰাৰ ব্যৱস্থা কৰা হ’ব । একেদৰে আইনাত সূৰ্যৰ ৰশ্মি প্ৰতিফলন ঘটাই অৰ্থাৎ দুটা পদ্ধতিৰে গঁড়ৰ খৰ্গ দাহনৰ ব্যবস্থা কৰিছে বন বিভাগে । আনহাতে সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে হোম যজ্ঞ কৰি দাহন কৰা হ’ব ২৪৮৯ টা খৰ্গ । ২৪৮৯ টা দাহন কৰা গঁড়ৰ খৰ্গৰ ছাঁইৰে নিৰ্মাণ হ'ব এটা পূৰ্ণাংগ গঁড় । কংক্ৰীট আৰু পোৰা খৰ্গৰ ছাঁইৰে নিৰ্মাণ কৰা হ’ব গঁড়টো ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.