thumbnail

By

Published : Sep 6, 2021, 4:11 PM IST

ETV Bharat / Videos

জাগুনৰ নামফাইত লাইকাৰ প্ৰায় 150 টা পৰিয়ালৰ দুৰ্বিসহ জীৱন সংগ্ৰাম

তিনিচুকীয়া জিলাৰ জাগুনৰ নামফাইত বিগত প্ৰায় 9 মাহতকৈ অধিক দিন অস্থায়ী শিবিৰ পাতি,টিৰপালৰ তলত অঘৰীৰ দৰে জীৱন-যাপন কৰি আহিছে লাইকাৰ প্ৰায় ডেৰশটা (150) পৰিয়ালে ৷ এইসকল লাইকাবাসীয়ে পুনৰ সংস্থাপনৰ দাবীত বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে প্ৰতিবাদ তথা আবেদন-নিবেদন কৰি আহিছে ৷ সেই অনুপাতে চৰকাৰেও বিগত সময়চোৱাত পুনৰ সংস্থাপনৰ বাবে বহু প্ৰতিশ্ৰুতি দি আহিছে ৷ কিন্তু আজি পৰ্যন্ত সেই প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিয়ে হৈ ৰ'ল ৷ আজিলৈকে কোনোধৰণৰ সংস্থাপন লাভ নকৰিলে লাইকাবাসীয়ে ৷ উল্লেখযোগ্য যে,1999 চনত চৰকাৰে ডিব্ৰু-ছৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছত কাষৰীয়া লাইকা-দধিয়াৰ বনগাঁও সমূহৰ এই পৰিয়াল সমূহক পুনঃসংস্থাপনৰ বাবে চৰকাৰে আশ্বাস দিছিল ৷ সেইয়া আজিলৈকে কাৰ্যকৰী নহ'ল ৷ শেহতীয়াকৈ পুনৰ সংস্থাপনৰ বাবে মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ কিন্তু ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে যে, প্ৰকৃততে কাৰ্যকৰী হ'বনে এই প্ৰতিশ্ৰুতি ?

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.