চিৰাঙত পথ নিৰ্মানত ব্যাপক দুৰ্নীতি : কাণষাৰ নাই গড়কাপ্তানি বিভাগৰ - চিৰাঙ
🎬 Watch Now: Feature Video
চিৰাঙত চাৰি কোটী টকা ব্যয়েৰে এটা পকী পথ নিৰ্মাণৰ পিচতে পথত গজিল ঘাঁহ, বখলা বখলে খহিছে পথৰ পকী অংশ । জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ডন্টক পথৰ বৰডাঙীৰ পৰা গৌজনপুৰি,উত্তৰ থাইকাদিশা আৰু ১নং শালবাৰী গাঁওৰ মন্দিৰলৈ ৩.৮০ কি:মি: পথত বিটিচিৰ আনটাইড ফাণ্ডে প্ৰায় চাৰি কোটী টকা ব্যয় সাপেক্ষে যোৱা ২০১৫-১৬ চনৰ পৰা নিৰ্মাণৰ কাম কৰি আছিল । বিপিএফৰ জেষ্ঠ নেতাৰ ঘনিষ্ঠ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ঠিকাদাৰ বাপ্পি বড়োৱে দুবছৰ পুৰ্বৰ পৰা পথ নিৰ্মাণৰ কাম কৰি আছিল যদিও আজিলৈ সম্পুৰ্ণ হৈ নুঠিল পথচোৱাৰ কাম । শেহতীয়াকৈ অতিকৈ নিম্নমানৰ কাম কৰাৰ বাবে কোনো ঠাইত যদি পথৰ মাজতে ঘাঁহ গজিছে কোনো ঠাইত আকৌ বখলা বখলে এৰাইছে পকী পথ । দেওবাৰে পথৰ নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিল চাৰিখন গাঁৱৰ ৰাইজ । স্থানীয় লোকে জনায় যে পথটোৰ এই নিম্নমানৰ কামৰ বিষয়ে বিভাগীয় ভাৱে যোগাযোগ কৰাৰ পিচতো কোনো সহাঁৰি দিয়া নাই গড়কপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে । আজিলৈ কোনো এজন অভিযন্তাইও পথটোৰ কাম-কাজ পৰিদৰ্শন নকৰিলে বুলি অভিযোগ কৰে গঞাই । স্থানীয় চাৰিখন গাঁৱৰ লোকে জিলা প্ৰশাসন তথা গড়কপ্তানি বিভাগে অতি নিম্ন মানৰ কামৰ তদন্ত কৰি উন্নত পদ্ধতিৰে পথ নিৰ্মাণ কৰিব লাগে দাবী তোলে । দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় স্থানীয় লোকে ।