ইউ টিউব ব্যৱহাৰ কৰি ড্রেগনৰ খেতি কৰিছে আকবৰ আলী আহমেদে - ইউ টিউব ব্যৱহাৰ কৰি ড্রেগনৰ খেতি কৰিছে আকবৰ আলী আহমেদে
🎬 Watch Now: Feature Video
ড্রেগন এবিধ উন্নত জাতৰ ফল ৷ কৰ্কট, ডায়েবেটিছ, কলেষ্টৰেল, ৰক্তচাপ, হৃদযন্ত্ৰৰ সমস্যাৰ দূৰীকৰণত ব্যৱহৃত এবিধ উন্নত জাতৰ ফল ড্রেগন ৷ পূৰ্বতে এই ফলৰ খেতি কৰি বিভিন্নজন উপকৃত হোৱা দেখা গৈছে ৷ মেক্সিকোৰ এই ফলবিধৰ সম্পৰ্কে বহুতেই হয়তো পৰিচিত নহয় ৷ বহুলোকে হয়তো নামেই শুনা নাই ৷ এই ড্রেগন ফলৰ খেতি কৰি স্বাৱলম্বী হৈছে চিৰাঙৰ পশ্চিম দেউলগুৰীৰ খেতিয়ক আকবৰ আলী আহমেদ ৷ পূৰ্বতে এই ড্রেগন ফলৰ খেতি কৰি স্বাৱলম্বী হোৱা বিভিন্ন উদাহৰণ আছে ৷ এইবাৰ চিৰাঙৰ আকবৰ আলী আহমেদে তিনি বিঘাৰ ড্ৰেগন খেতিত ইতিমধ্যে ফল পোৱাৰ লগতে পুনৰ তিনি বিঘা মাটি খেতিৰ বাবে প্ৰস্তুত কৰি তুলিছে । মুঠ ছয় বিঘা মাটিত ড্ৰেগন খেতি কৰাৰ লগতে অন্যান্য খেতিৰে মুঠ ১১ বিঘাৰ খেতি কৰি এজন সফল খেতিয়ক হিচাবে প্ৰতিষ্ঠা লাভ কৰা এইজন শিক্ষিত নিৱনুৱা আকবৰ আলী আহমেদ। উল্লেখ্য যে, ইউ টিউব ব্যৱহাৰ কৰি বিদেশী প্ৰজাতিৰ বিভিন্ন ফল মুলৰ খেতি কৰি সফলতা লাভ কৰা চিৰাঙৰ পশ্চিম দেউলগুৰীৰ খেতিয়ক আকবৰ আলী আহমেদে তিনি বিঘাৰ ড্ৰেগন খেতিত ইতিমধ্যে ফল পোৱাৰ লগতে পুনৰ তিনি বিঘা মাটি খেতিৰ বাবে প্ৰস্তুত কৰি তুলিছে । লগতে আগ্ৰহী শিক্ষিত নিবনুৱাক তেওঁ ড্ৰেগন খেতিত নিয়োগ কৰি স্বাৱলম্বনৰ পথ মোকলাই দিয়াৰ কথা প্ৰকাশ কৰে ৷