thumbnail

By

Published : Jun 3, 2021, 4:42 PM IST

Updated : Jun 3, 2021, 9:03 PM IST

ETV Bharat / Videos

প্ৰাণৰ মমতাত শংকিত এতিয়া চিকিৎসাকৰ্মী

প্ৰাণৰ মমতাত শংকিত হৈ পৰিছে চিকিৎসক তথা চিকিৎসাকৰ্মীসকল ৷ ৰাজ্যত এতিয়া এজনৰ পাচত আনজন চিকিৎসকক কৰা আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ লংকাৰ উদালীৰ ফুলতলী ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসকক প্ৰহাৰ কৰা ঘটনাৰ উত্তেজনা মাৰ নৌ যাওঁতেই, পুনৰ অনুপৰূপ ঘটনা সংঘটিত হৈছে কাছাৰৰ কাটিগড়াৰ কালাইন হাস্পাতালত ৷ মঙলবাৰে কালাইন এফআৰইউৰ এদল স্বাস্থ্য কৰ্মীৰ ওপৰত আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল । বাগিছাখনৰ শ্ৰমিক সকলৰ ক’ভিড টেষ্ট কৰিবলৈ যোৱাটোৱেই দোষ হ’ল স্বাস্থ্যকৰ্মী দলটোৰ ৷ বাগিছাখনৰ কিছু শ্ৰমিকক ক’ভিড টেষ্ট কৰি হাস্পতাললৈ উভতি অহাৰ পথতে স্বাস্থ্যকৰ্মী সকলক আক্ৰমণৰ চেষ্টা কৰে এদল উদণ্ড যুৱকৰ দলে । এই ঘটনাৰ লগত জড়িত চাৰিজনকৈ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ৷
Last Updated : Jun 3, 2021, 9:03 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.