হোজাইত 31 শ টকাৰ বাবে যুৱকক ছুৰীৰে হানি খুচি হত্যা

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 2:35 PM IST

thumbnail

হোজাই, 1 ডিচেম্বৰ : হোজাই জিলাৰ লংকা টাউনৰ 10 নং ৱাৰ্ডৰ জয়ৰাম নগৰত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ৷ 31 শ টকাৰ বাবে এজন যুৱকক ছুৰীৰে হানি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনাৰ পিচতে উত্তেজিত লোকে মৰিয়াই মৰিয়াই ভাঙে অভিযুক্ত হত্যাকাৰীৰ বাসগৃহ ৷  অঞ্চলটোৰ মিথুন মল্লিক নামৰ এজন যুৱকক, চুবুৰীটোৰে আশিষ দাস নামৰ আন এজন যুৱকে ছুৰীৰে হানি হত্যা কৰাৰ অভিযোগ উঠিছে । 

ঘটনাৰ বিৱৰণী অনুসৰি, 26 নৱেম্বৰৰ নিশা মিথুন মল্লিক নামৰ যুৱকজনৰ পৰা পাবলগীয়া 3100 টকা নোপোৱাৰ বাবে আশিষে নিজ ঘৰলৈ মিথুনক মাতি নি ছুৰীৰে হানি আহত কৰিছিল ৷ তাৰি পিচতে মিথুনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় মিথুনৰ ৷ 

বৃহস্পতিবাৰে বিয়লি মিথুনৰ মৃতদেহ বাসগৃহলৈ অনা হয় ৷ মৃতদেহটো অনাৰ পাচতে হত্যাৰ অভিযুক্ত আশিষ দাসৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে মিথুনৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ৷ এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্ত আশিষ দাস ৷ স্থানীয় লোকসকলে দোষীক ফা‍ঁচী দিয়াৰ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: উদণ্ড যুৱকৰ প্ৰহাৰত মৃত্যু দোকানীৰ, ৰাজপথত মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.