thumbnail

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 4:25 PM IST

ETV Bharat / Videos

Youth missing: মহানগৰীৰ গনেশপাৰাত যুৱক নিৰুদ্দেশৰ ঘটনা

গুৱাহাটী,৪ নৱেম্বৰ: মহানগৰীত পুনৰ যুৱক নিৰুদ্দেশৰ ঘটনা । বজাৰ কৰিবলৈ গৈ উভতি নাহিল মহানগৰীৰ গণেশপাৰাৰ দেৱ যাদব । কোনো দুৰ্বৃত্তৰ অপহৰণৰ বলি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । যুৱকজনৰ মাতৃয়ে জনোৱা অনুসৰি বিগত ৭ অক্টোবৰৰ আবেলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন । পিছত পিতৃয়ে ফোন কৰাত যুৱকজনে বন্ধুৰ লগত ফাঁচী বজাৰলৈ কাপোৰ কিনিবলৈ যোৱা বুলি জনায় ।

কিন্তু নিশা ৯ বজালৈ ঘৰলৈ উভতি নহাৰ পিছত পিতৃয়ে ফোন কৰে যদিও ফোনত যোগাযোগ স্থাপন কৰাত ব্যৰ্থ হয় । পিছত পৰিয়ালৰ লোকে ফটাশিল আৰক্ষীৰ থানাৰ কাষ চাপে যদিও বৰ্তমানও যুৱকজনৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই‌ । সেয়েহে এতিয়া সংবাদমাধ্যমৰ লগতে আৰক্ষী প্ৰশাসন তথা অসমবাসী ৰাইজৰ সহায় বিচাৰিছে যুৱকজনৰ মাতৃয়ে । কোনো লোকে যদি যুৱকজনৰ সন্ধান পাই তেন্তে 7896142716 নম্বৰত যোগাযোগ কৰিবলৈ মাতৃয়ে কাতৰ অনুৰোধ জনাইছে ।  

লগতে পঢ়ক: MNREGA Job Card : চৰকাৰৰ গাফিলতিৰ বাবে কৰ্মদিনৰ অভাৱত ১০ লাখ লোকে এৰিলে জব কার্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.