Rhino attacks man: দেৰগাঁৱত গঁড়ৰ আক্ৰমণত আহত এজন যুৱক - Rhino attacks a man in Golaghat

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 2, 2023, 5:11 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গোলাঘাট, ২ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে বন্যজন্তু আৰু মানুহৰ সংঘাত (Wild animal and human conflict)। খাদ্যৰ সন্ধানত ওলাই অহা বন্যজন্তুৱে প্ৰায়ে জনাঞ্চলত প্ৰৱেশ কৰে । যাৰ ফলত মানুহৰ সৈতে সংঘাতৰ সৃষ্টি হয় । বহু সময়ত জীৱশ্ৰেষ্ঠৰ হাতত বন্যজন্তু নিহতও হয় । বিশেষকৈ বন্যহস্তী, নাহৰফুটুকী আদি বন্যজন্তুৱে জনাঞ্চলত সোমাই সন্ত্ৰাসৰ সৃষ্টি কৰে । ইয়াৰ মাজতে গোলাঘাটত গঁড়ৰ আতংক (Rhino terror in Golaghat)। গঁড় আক্ৰমণত আহত হৈছে এজন লোক ।

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ অঞ্চলবোৰত প্ৰায়ে গঁড়ৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা যায় (Free roaming of Rhino in Golaghat)। আনকি বহু সময়ত গঁড় আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হয় । শেহতীয়াকৈ গোলাঘাট জিলাৰ বাতিপৰীয়া, বেজগাঁৱকে ধৰি কেইবাখনো গাঁৱত গঁড়ৰ আতংকই বিৰাজ কৰিছে । বৃহস্পতিবাৰে পুৱাৰ ভাগত দেৰগাঁৱৰ নিকটৱৰ্তী বাতিপৰিয়া আৰু বেজগাঁৱকে ধৰি কেইবাখনো গাঁৱত এটা গঁড়ে মুক্ত বিচৰণ কৰে । গঁড়ৰ মুক্ত বিচৰণ দেখি আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ।

শ শ লোক গঁড়টো চাবলৈ ওলাই আহে । ফলত অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । ইফালে এনে পৰিস্থিতিৰ মাজতে নাহৰনি মাজগাঁৱত গঁড়টোৱে আক্ৰমণ কৰে এজন যুৱকক (Rhino attacks a man in Golaghat)। গঁড়টো চাবলৈ যোৱা সময়তে পাপু নামৰ যুৱকজনক গঁড়টোৱে আক্ৰমণ কৰে । গঁড়টোৱে যুৱকজনক আক্ৰমণ কৰাৰ লগে লগে অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ।

ইফালে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । বন বিভাগৰ লোকসকলে ততাতৈয়াকৈ আহত যুৱকজনক চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে । হুলস্থূলীয়া পৰিৱেশৰ মাজতে বন বিভাগ আৰু স্থানীয় ৰাইজে গঁড়টোক খেদিবলৈ চেষ্টা কৰে যদিও বিফল হয় ।

বন বিভাগে সন্দেহ কৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্য সন্ধানত ওলাই আহিছিল গঁড়টো । কিন্তু পথ হেৰুৱাই এনেদৰে গাঁৱত প্ৰৱেশ কৰিছে গঁড়টো । ইফালে দেৰগাঁৱৰ বন বিভাগে গঁড়টোক পুনৰ কাজিৰঙালৈ খেদি পঠিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Child marriage case in Assam: ১০ দিনত অসমত বাল্য বিবাহৰ ৪০০৪ টা গোচৰ ৰুজু

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.