Teok accident : সঠিক সময়ত এম্বুলেন্স আহি নোপোৱাৰ বাবেই মৃত্যু যুৱকৰ
🎬 Watch Now: Feature Video
টীয়ক, 13 জুন : ৰাজ্য চৰকাৰখনে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাক-ঢোল বজায় থকাৰ সময়তে সোমবাৰৰ নিশা এখন এম্বুলেন্সৰ অভাৱত এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া ঘটনাই বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, টীয়কৰ কলিয়াপানীত সোমবাৰৰ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । শিৱসাগৰ অভিমুখী ঋতুৰাজ ভূঞা আৰু পংকজ দুৱৰা নামৰ বাইক আৰোহী দুজনক কোনো অচিনাক্ত বাহনে মহতিয়াই নিয়ে আৰু নিশা আন্ধাৰৰ সুযোগ লৈ পলাই যায় দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ।
ঘটনাস্থলিত স্থানীয় ৰাইজ উপস্থিত হৈ দুয়ো আহত যুৱকক ততাতৈয়াকৈ টীয়ক FRU লৈ আনে যদিও আঘাত গুৰুতৰভাৱে হোৱা দেখি দুয়োজনকে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে এফ আৰ ইউ কৰ্তৃপক্ষই । কিন্তু এখন এম্বুলেন্সৰ অভাৱত কেইবাঘন্টা ধৰি টীয়ক FRU তে ছটফটাই থাকিব লগা হয় আঘাতপ্ৰাপ্ত যুৱক দুজনে ।
অৱশেষত স্থানীয় ৰাইজৰ সহযোগত এখন ব্যক্তিগত এম্বুলেন্সত যুৱক দুজনক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও উপযুক্ত সময়ত সঠিক চিকিৎসাৰ অভাৱত ঋতুৰাজ ভূঞাৰ মৃত্যু ঘটে বুলি জানিবলৈ পৰা গৈছে ৷ আনহাতে আনজন যুৱক চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ পৰা গৈছে ।
এম্বুলেন্সৰ অভাৱৰ বাবে এজন যুৱকে এইদৰে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই এতিয়া স্বাস্থ্য বিভাগৰ পঁয়ালগা স্বৰূপ উদঙাই দিছে ৷
লগতে পঢ়ক : Manipur violence : মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বুধবাৰে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব হিমন্ত বিশ্ব শৰ্মাই