thumbnail

Police Out Post Attack in Nalbari : বৰ্ণিবাৰী আৰক্ষী চকী লণ্ড ভণ্ড কৰাৰ অভিযোগ যুৱকৰ বিৰুদ্ধে

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 2:08 PM IST

নলবাৰী, 15 অক্টোবৰ: নিশা নলবাৰীৰ বৰ্ণিবাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি । আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষী থানাৰ সকলো সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে ৷ এখন বাইক জব্দ কৰাক কেন্দ্ৰ কৰি নিশা সংঘটিত হৈছে এই ঘটনাৰ । 

জয়ন্ত দাস নামৰ এজন বাইকৰ আৰোহীয়ে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে  ৷ অভিযুক্ত জয়ন্ত দাস নামৰ যুৱকজনৰ বাইকখন জব্দ কৰি আৰক্ষী চকীলৈ লৈ অনাৰ পিছতেই সংঘটিত হয় এই ঘটনাৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষী চকীত আক্ৰমণ কৰা যুৱক জয়ন্ত দাসৰ বিৰুদ্ধে আৰক্ষীয়ে নিশাই অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় । 

নিশাই মুকালমুৱা আৰক্ষীয়ে অভিযুক্ত জয়ন্ত দাসক আটক কৰি থানালৈ লৈ আহে । 

লগতে পঢ়ক: Wheat seeds recovered : দুৰ্নীতিমুক্ত অসমত বিনামূলীয়া ঘেঁহুৰ বীজৰ ক’লা বেহা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.