thumbnail

By

Published : Dec 13, 2022, 12:23 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

ETV Bharat / Videos

Teachers workshop in Teok: শিক্ষক শিক্ষয়ত্ৰীক লৈ টীয়কত অসম নাট্য সন্মিলনৰ বিশেষ কৰ্মশালা

১০ ডিচেম্বৰৰ পৰা টীয়কৰ শিক্ষক ভৱনত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এটি প্ৰশিক্ষণ কৰ্মশালা ৷ অসম নাট্য সন্মিলন (Asom Natya Sanmilan), যোৰহাট আৰু টীয়ক শাখাৰ উদ্যোগত মধ্য যোৰহাট খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত শিক্ষক-শিক্ষয়িত্ৰীৰ জৰিয়তে শ্ৰেণীকোঠাত পাঠদান বিষয়ক লৈ অনুষ্ঠিত কৰা হৈছে প্ৰশিক্ষণ কৰ্মশালাটি । কৰ্মশালাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে । উল্লেখযোগ্য যে নাট্যকলাক অধ্যয়নৰ সমান্তৰালকৈ শ্ৰেণীকোঠালৈ আদৰি অনাৰ প্ৰয়াসেৰে শেহতীয়াকৈ ভাৰতবৰ্ষত এক ধাৰা আৰম্ভ হৈছে । সমগ্ৰ বিশ্বজুৰি সুদীৰ্ঘ ৩৫ বছৰ শ্ৰেণীকোঠাত নাটকৰ ভূমিকা বিষয়ত কাম কৰি অহা আমেৰিকাৰ ডেনিয়েল এ. কেলিন II হৈছে এজন অন্যতম বাটকটীয়া । সুদুৰ আমেৰিকাৰ পৰা আহি NSD ৰ সহযোগত ভাৰতৰ বিভিন্ন অঞ্চলত এই বিষয়ত পাঠদান প্ৰদান কৰি আহিছে কেলিনে (Workshop on role of drama in classroom teaching)। তাৰে অংশ হিচাপে এইদৰে টীয়কতো তিনিদিনীয়াকৈ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈছে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.