Women missing: জোঁৱায়েকৰ ঘৰলৈ যাবলৈ নদী পাৰ হওতেই নিখোজ মহিলা - মঙলদৈ নদীত নিখোজ মহিলা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 25, 2023, 7:31 PM IST

মঙলদৈ,২৫ জুন: চৌদিশে বান বিভীষিকা । ইয়াৰ মাজতে মঙলদৈত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । মঙলদৈ নদীত নিখোজ এগৰাকী মহিলা । মঙলদৈ সমষ্টিৰ অন্তৰ্গত বৰঝাৰ অঞ্চলৰ মাজেৰে যোৱা মঙলদৈ নদীত পৰি নিখোজ হৈ আছে ৰহিমান বেৱা নামৰ মহিলাগৰাকী । কাছাৰীবাৰী গাঁৱৰ মহিলাগৰাকীয়ে নিজৰ জোঁৱাইয়েকৰ ঘৰলৈ যাবলৈ আহি নদী পাৰ হ’বলৈ লওতেই নিখোজ হয় মহিলাগৰাকী ।  

স্থানীয় লোক সকলে নাও, জাল লৈ উদ্ধাৰ অভিযান চলোৱাৰ লগতে SDRF ৰ জোৱানসকলে নাও লৈ বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে । ইফালে অভয় পুখুৰী গাঁও পঞ্চায়তৰ বৃহত্তৰ অঞ্চলৰ মাজেৰে যোৱা মঙলদৈ নদীৰ ওপৰত এখন দলং নোহোৱাৰ বাবে এনে দুৰ্ঘটনা সঘনাই সংঘটিত হৈ আহিছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । 

লগতে পঢ়ক: Drugs seized in Dibrugarh: ডিব্ৰুগড়ত আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.