Wife cheated Husband : গোহালিত অসৎ কাৰ্যত লিপ্ত হৈ থকা মহিলাক ৰাইজে লগালে লপা-থপা

By

Published : Dec 16, 2022, 1:52 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ৰহাৰ দীঘলীআটিত অঘটন (Wife cheated Husband ) ৷ স্বামীৰ অনুপস্থিতিত পৰপুৰুষৰ লগত গোহালিত সোমাই থাকোতেই হাতে লোটে ধৰিলে স্বামীয়ে (Women cheated husband in cowshed ) ৷ মহিলাগৰাকীৰ স্বামী ৰহাৰ এখন শিক্ষানুষ্ঠানৰ নৈশ চকীদাৰ ৷ নিশা স্বামী কৰ্তব্যলৈ ওলাই অহাৰ পিচতে নিজ ঘৰতে পৰপুৰুষক আমন্ত্ৰণ কৰি অসৎ কৰ্মত লিপ্ত হয় পত্নী ৷ সেই কথা দীৰ্ঘদিনৰ পৰা স্থানীয় লোকৰ মুখ মুখে প্ৰচাৰিত হৈ আহিছিল যদিও কোনো ব্যৱস্থা ল'ব পৰা নাছিল ৷ কিন্তু বুধবাৰে নিশা মহিলাগৰাকীৰ স্বামী কৰ্তব্যৰ মাজতে আধাৰ কাৰ্ডখন নিবলৈ ঘৰলৈ অহাত মহিলাগৰাকীয়ে গোহালি ঘৰত এজন যুৱকৰ সৈতে অসৎ কাৰ্যত লিপ্ত থকা অৱস্থাত ধৰা পেলায় ৷ পিচত স্থানীয় লোকক খবৰ দিয়াত স্থানীয় লোক আহে যদিও সুবিধা বুজি যুৱকজন পলাই যায়। অৱশ্যে স্থানীয় ৰাইজে যুৱকজনৰ বাইকখন জব্দ কৰে ৷ এই ঘটনাক লৈ বৃহস্পতিবাৰে পুৱা এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷ স্থানীয় মহিলাসকল লগ হৈ মহিলাগৰাকীয়ে পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ তুলি লপা থপা দি বান্ধি থয় আৰু ৰহা আৰক্ষীক গোচৰ দিয়ে ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.