Woman suicide case: পত্নীৰ আত্মহত্যা! যৌতুকৰ বাবে স্বামীয়ে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ - murder allegation to husband

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:22 PM IST

বিলাসীপাৰা, 6 নৱেম্বৰ : ৰাজ্যত পুনৰ যৌতুকৰ বাবে প্ৰাণ হেৰুৱালে স্বামীয়ে ৷ ধুবুৰী জিলাৰ বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ যৌতুকৰ বাবে স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পত্নীয়ে আত্মহত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে । বিলাসীপাৰাৰ মহকুমাৰ অন্তৰ্গত বান্ধৱপাৰাত চাৰি সন্তানৰ এগৰাকী মাতৃয়ে ৰহস্যজনকভাৱে আত্মহত্যা কৰিছে ৷

ইফালে এই ঘটনাক আত্মহত্যা নহয় হত্যাকাণ্ডৰ ঘটনা বুলিহে অভিযোগ কৰে মহিলাগৰাকীৰ পৰিয়ালে ৷ ঠিকাদাৰ স্বামীয়ে পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে। মৃত মহিলাগৰাকী বান্ধৱপাৰাৰ আজিজুল ইছলাম হকৰ পত্নী আনোৱাৰা খাতুন (37) বুলি চিনাক্ত কৰা হৈছে । 

পত্নীৰ পৰিয়ালৰ লোকে কোৱা অনুসৰি, চাৰি সন্তানৰ মাতৃ আনোৱাৰা খাতুনৰ স্বামী ঠিকাদাৰ আজিজুল ইছলাম হকে আনোৱাৰা খাতুনক দীৰ্ঘদিনৰ পৰাই যৌতুক বিচাৰি অস্বাভাৱিক নিৰ্যাতন আৰু অত্যাচাৰ চলাই আহিছিল ৷ পৰিয়াল আহি পোৱালৈকে মহিলাগৰাকীৰ মৃতদেহটো পৰি থকা অৱস্থাতহে প্ৰত্যক্ষ কৰিছিল ৷ সেয়েহে তেওঁলোকে এই ঘটনা আত্মহত্যা বুলি মানি ল’ব পৰা নাই ৷ 

এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা আৰক্ষী আৰু মহকুমা দণ্ডাধীশ। বিলাসীপাৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। 

লগতে পঢ়ক: Encounter in Dhubri: ধুবুৰীত আৰক্ষীৰ গুলীত আহত গৰুৰ চোৰাং সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.