Guard Wall collapse at Shristinagar: গাৰ্ডৱাল আৰু পাহাৰৰ মাটি খহি মহিলা শ্ৰমিকৰ মৃত্যু; আহত কেইবাজনো

By

Published : Feb 24, 2023, 9:38 PM IST

thumbnail

গুৱাহাটী, 24 ফেব্ৰুৱাৰী : মহানগৰীৰ নুনমাটি চূণচালি সৃষ্টিনগৰত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা । চূণচালি সৃষ্টি নগৰৰ ভিতৰত গাৰ্ডৱালৰ কাম কৰি থাকোতে পাহাৰৰ মাটি খহি পোত যায় কেইবাজনো শ্ৰমিক (Guard Wall and hill soil collapse at Shristinagar) । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ তাপৰ্যপূৰ্ণভাৱে এই সৃষ্টিনগৰৰ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে বিগত সময়চোৱাত সৰৱ হৈ পৰিছিল দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ।

জানিব পৰা মতে, চূণচালি সৃষ্টি নগৰৰ 34 নং ভিলাৰ ওচৰত গাৰ্ডৱাল নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল প্ৰায় 12 জন শ্ৰমিক ৷ গাৰ্ডৱাল নিৰ্মাণ কৰি থাকোতেই হঠাতে পাহাৰৰ ওপৰৰ পৰা শ্ৰমিককেইজনৰ ওপৰত মাটি খহি পৰে । ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷

স্থানীয় লোকৰ সহযোগত উদ্ধাৰকাৰী দলে ঘটনাস্থলীৰ পৰা আটাইকেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পাহাৰৰ মাটি খহি পোত যোৱা শ্ৰমিককেইজনৰ 8 জন শ্ৰমিক সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ হোৱাৰ বিপৰীতে এগৰাকী মহিলাসহ 3 জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ তেওঁলোকক ততালিকে মঠঘৰীয়াস্থিত গেট হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে আঘাতপ্ৰাপ্ত মহিলা শ্ৰমিকগৰাকীৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে (Woman labourer killed at Shristinagar) ।

মৃত মহিলা শ্ৰমিকগৰাকী নুনমাটি আনন্দ নগৰৰ বাসিন্দা তাৰা বানু বেগম বুলি জানিব পৰা গৈছে । আহত আন তিনিজন শ্ৰমিক বৰ্তমান বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ মনকৰিবলগীয়া কথা এই যে, মহানগৰীৰ নুনমাটিৰ চূণচালিত ইনফ্ৰাষ্টাক্সাৰ ডেভেলপমেণ্ট কৰ্পৰেচন লিমিটেড (Infrastructure Development Corporation Ltd) নামৰ সন্থাটোৱে প্ৰায় ৭৫০ বিঘা ভূমিত কৰা নিৰ্মাণ কৰা সৃষ্টি নগৰৰ বিৰুদ্ধে বিগত সময়চোৱাত সৰৱ হৈ পৰিছিল দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ।

আনকি সৃষ্টিনগৰ নিৰ্মাণ বন্ধ ৰখাৰ বাবে বিধায়কগৰাকীয়ে কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হৈছিল । কিন্তু ইয়াৰ পিচতো ৰহস্যজনকভাৱে সৃষ্টি নগৰৰ নিৰ্মাণ কাৰ্য অব্যাহত আছিল ৷ এই নিৰ্মাণ কাৰ্যক লৈ অঞ্চলটোৰ সচেতন ৰাইজৰ মাজতো বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । ইয়াৰ মাজতেই আজি বিয়লি সংঘটিত হয় এই ঘটনা ৷

লগতে পঢ়ক : Child Death in Barpeta: এক্সেভেটৰেৰে মাটি খান্দি থকা অৱস্থাত নাবালকৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.