শিলাবৃষ্টিত গুৰুতৰভাৱে আহত খোৱাঙৰ মহিলা

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 6:37 AM IST

thumbnail

মৰাণ, 15 ডিচেম্বৰ : ভয়ংকৰ শিলাবৃষ্টিৰ পাচতে ডিব্ৰুগড়ৰ খোৱাঙত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । বুধবাৰে বিয়লি অহা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত খোৱাং কাৱৈমাৰী, চেনিমাৰী, চেৰেপাখাটী, গৰৈমাৰীকে ধৰি প্ৰায় 10 খন গাঁ‌ৱত বিস্তৰ ক্ষতিসাধন হৈছে । শিলাবৃষ্টিৰ ফলত বহু লোকৰ বাসগৃহ ক্ষতিসাধন হোৱাৰ লগতে বৃহত্তৰ অঞ্চলটোত ধান, মাহ, সৰিয়হকে ধৰি বহু ৰবি শস্য অনিষ্ট হয় ।

এই শিলাবৃষ্টিয়ে বহু পৰিয়ালৰ ঘৰৰ টিনপাত ফুটুৱাই পেলোৱাত পৰিয়ালসমূহৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ইয়াৰ মাজতেই ভয়ংকৰ শিলাবৃষ্টিত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা । পথাৰত ধান দাই থাকোতে শিলৰ আঘাতত আহত হয় খোৱাং কাৱৈমাৰী গাঁ‌ৱৰ জান দাস নামৰ মহিলাগৰাকী ।

মহিলাগৰাকীৰ দেহৰ বিভিন্ন অংশত শিলে আঘাত কৰে ৷ মহিলাগৰাকী সম্প্ৰতি খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । মহিলাগৰাকীৰ বাসগৃহৰ লগতে কৃষিপথাৰ নষ্ট হোৱা বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক : ৰাইজৰ বাবে মুকলি হ’ল দীপৰ বিলৰ পাৰৰ বনভোজথলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.