Accident at Mariani Junction: চৰণেহে জানে মৰণৰ ঠাই; মৰিয়নী জংচনত অঘটন

By

Published : Apr 12, 2023, 11:52 AM IST

thumbnail

যোৰহাট,১২ এপ্ৰিল: যোৰহাটৰ মৰিয়নী জংচনত উজনিমুৱা ৰে'লৰ চেপাত মৃত্যু এগৰাকী ৫০ ঊৰ্ধ্বৰ মহিলাৰ (Woman dies after being hit by train at Mariani junction) ৷ মঙলবাৰে পুৱাৰভাগত ১৫৯২৭ নং ৰঙিয়া নিউ তিনিচুকীয়া ৰে'লত উঠিবলৈ লোৱাৰ সময়ত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পৰি যায় মহিলাগৰাকী । দুৰ্ভাগ্যবশত সেইসময়তে ৰে'লখনে ষ্টেচন এৰাৰ ফলত ৰে'লৰ চেপাত মৃত্যু হয় মহিলাগৰাকীৰ । বৰ্তমানলৈ ৰে'লৰ চেপাত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।  

ইতিমধ্যে ৰে'ল আৰক্ষী আৰু GRPF বাহিনীৰ দলে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে (Accident at Mariani Junction) ৷ মৰিয়নি ৰে'লৱে জংচনত বহু আনুসংগিক সা-সুবিধাৰ অভাৱৰ বাবে প্ৰায়ে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা যাত্ৰীসকলে । শীঘ্ৰে জংচনটোত পৰ্যাপ্ত সা-সুবিধা প্ৰদানৰ দাবী উত্থান কৰিছে ৰাইজে । 

লগতে পঢ়ক: World third tallest man: মৰিগাঁৱত বিশ্বৰ তৃতীয়গৰাকী ওখ ব্যক্তি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.