thumbnail

Wildlife protection and research institute: চাবুৱাত নিৰ্মাণ হ'ব বন্যপ্ৰাণী সুৰক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:47 PM IST

ডিব্ৰুগড়, 1 ছেপ্টেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়তত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব বন্যপ্ৰাণী সুৰক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান । শুকুৰবাৰে ডিব্ৰুগড়ৰ চাবুৱাত উপস্থিত হয় বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । চাবুৱাত উপস্থিত হৈ প্ৰস্তাৱিত বন্যপ্ৰাণী সুৰক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ বাবে চাবুৱাৰ বিন্ধাকটাত স্থান পৰিদৰ্শন মন্ত্ৰী গৰাকীৰ ।

চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাসহ ৰাজহ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত প্ৰয়োজনীয় ভূমি সম্পৰ্কত আলোচনাত মিলিত হয় বন মন্ত্ৰী গৰাকী । ইয়াৰ পাচতে মন্ত্ৰী গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে বন্যপ্ৰাণী সুৰক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ১০০ বিঘা ভূমিৰ প্ৰয়োজন যদিও চৰকাৰীভাৱে ২৬ বিঘা পোৱা বুলি জানিব পৰা গৈছে । প্ৰতিষ্ঠানখনৰ বাবে বাকী ভূমি খিনি ক্ৰয় কৰা হ’ব নে সেয়া অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা হ’ব বুলি উল্লখ কৰে । ইয়াৰোপৰি চাবুৱাৰ দধীয়ালোকসকলৰ সংস্থাপনৰ বিষয়টোৰ ওপৰত চৰকাৰীভাৱে সংস্থাপনৰ কথা চিন্তাচৰ্চা কৰাৰ কথা জানিবলৈ দিয়ে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

লগতে পঢ়ক : Protest at Chabua : শিয়ালকাটি চাহ বাগিচাত শ শ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.