thumbnail

By

Published : Dec 30, 2022, 6:12 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

Wild elephant terror: ৰঙাপৰাত বন্যহস্তীয়ে ভাঙিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ

শোণিতপুৰ জিলাৰ ৰঙাপৰাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant terror in Sonitpur)। বৃহস্পতিবাৰে নিশা পুনৰ ৰঙাপৰাত প্ৰায় 3 টাকৈ বনৰীয়া হাতীয়ে ভাঙিলে চাৰিটাকৈ বাসগৃহ । নিশা প্ৰায় 11 মান বজাত কছাৰাৰীগাঁও চাহ বাগিচাৰ খেৰবাৰী লাইনত কেইবাটাও বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত প্ৰৱেশ কৰি শিবু থাপা, আশা কৰুৱা, চন্দনা বৰ্মন আৰু মনি থাপাৰ ঘৰবোৰ ভাঙি পেলায় (Wild elephants destroy house in Rangapara )। হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে পৰিয়ালকেইটা । বনৰীয়া হাতীৰ সন্ত্ৰাসত ৰাইজে প্ৰচণ্ড শীতৰ মাজতে ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হয় । বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি খাদ্য সামগ্ৰী খাই তহিলং কৰে ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.