thumbnail

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 5:35 PM IST

ETV Bharat / Videos

Wild Elephant Terror : মাজুলীত বন্য হস্তীৰ জাকে নষ্ট কৰিলে ধাননি পথাৰ

মাজুলী, 2 নৱেম্বৰ : বিগত কেইবাদিনো ধৰি মাজুলীৰ বিভিন্ন চৰ-চাপৰি অঞ্চলত প্ৰায় 150 জনীয়া এটা হাতীৰ জাকে সন্ত্ৰাস চলাই আহিছে ৷ এই বৃহৎ হাতীৰ জাকটোৱে চৰ-চাপৰিৰ কৃষকৰ ধান খেতিকে আদি কৰি আন আন খেতিও নষ্ট কৰে ৷  

হাতীৰ জাকটোৱে চৰ-চাপৰিৰ গৰু-ম’হৰ খুটিও বিভিন্ন ঠাইত ভাঙি নষ্ট কৰে ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত অফলামুখ পাৰঘাটৰ সমীপৰে জাঁজী মুখৰ দিশে গুচি গৈছিল হাতীৰ জাকটো ৷ বুধবাৰে নিশাৰ ভাগত হাতীৰ জাকটোৱে দক্ষিণপাট অঞ্চলৰ পথাৰত পকা ধানৰ বিস্তৰ ক্ষতিসাধন কৰে ৷

খেতিৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দিয়া বহুকেইটা পৰিয়ালৰ মূৰত যেন এতিয়া সৰগ ভাগি পৰিছে ৷ হাতীয়ে খেতি সমূহ নষ্ট কৰাৰ পাছত এতিয়া কেনেকৈ পৰিয়াল পোহপাল দিব তাকে লৈ চিন্তিত হৈ পৰিছে ক্ষতিগ্ৰস্ত লোকসকল ৷ গতিকে এই ক্ষেত্ৰত চৰকাৰক ক্ষতিপূৰণ দিয়াৰ দাবী কৰিছে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাই ৷ 

লগতে পঢ়ক : Scam in MGNREGA : চৰকাৰী আঁচনিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.