Man elephant conflict : বিহালীত অব্যাহত আছে হাতী-মানুহৰ সংঘাত - কাজিৰঙাৰ ষষ্ঠ সংযোজন
🎬 Watch Now: Feature Video
বিহালীত অব্যাহত আছে হাতী মানুহৰ সংঘাত(Wild Elephant Terror at Behali)৷ বিগত এমাহ ধৰি হাতীয়ে বিহালীৰ দক্ষিণ অঞ্চলত চলাই গৈছে তাণ্ডৱ ৷ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে খেতি পথাৰ নষ্ট কৰাৰ লগতে খাই তহিলং কৰিছে পথাৰৰ পকা ধান(wild elephant attack in Biswanath) ৷ লগতে ভাঙি নষ্ট কৰি পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিছা ৷ মঙলবাৰে পুৱাই ৰাংছালী গাঁৱৰ ঢেকেৰা পথাৰত উপস্থিত হয় বনৰীয়া হাতীৰ এটা বৃহৎ জাক (Man elephant conflict)৷ গাঁৱৰ গড়কাপ্তানি পথ পাৰ হৈ পথাৰৰ মাজেৰে গমন কৰে হাতীৰ জাকটোৱে ৷ উল্লেখ্য যে বিগত এমাহ ধৰি হাতীৰ জাকটোৱে অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰিছে যদিও হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হোৱা নাই বন বিভাগৰ লোক ৷ ইফালে হাতী খেদিবলৈ পুৱাই ওলাই আহিল অঞ্চলটোৰ শ শ লোক ৷ হাই-হুলস্থুল কৰি ফটকা ফুটাই হাতী খেদাৰ চেষ্টা চলাই অঞ্চলটোৰ ৰাইজে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST