চিৰাঙৰ বিদ্যালয়ত বন্যহস্তীৰ তাণ্ডৱ

By

Published : Sep 26, 2022, 8:20 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail
চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant menace in Bijni Chirang) । কাষৰীয়া সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত প্ৰতি নিশাই ওলাই অহা বন্যহস্তীৰ জাকে নিকটৱৰ্তী অঞ্চলসমূহত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে । দেওবাৰে নিশা উদ্যানখনৰ পৰা ওলাই অহা দুটা বন্যহস্তীয়ে নতুন মাটিৰ ৮ নং গৌজৌনপুৰী গাঁৱত প্ৰৱেশ কৰি দীৰ্ঘ সময় উপদ্ৰৱ চলায় (Wild elephant destroy school in Chirang) । বন্যহস্তীয়ে উপদ্ৰৱ চলাই গাঁওখনত থকা ৮ নং গৌজৌনপুৰী জেৱাৰী প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী গৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে গৃহটোৰ ভিতৰত থকা চাউল খাই তহিলং কৰে । বন্যহস্তীয়ে ৰান্ধনী গৃহৰ ভিতৰত থকা আলমিৰা, বিভিন্ন ধৰণৰ আচবাব ভাঙি বিস্তৰ ক্ষতিসাধন কৰে । বন্যহস্তীয়ে বিদ্যালয়ৰ চৌহদত থকা পকীবেৰ ভাঙিও বিস্তৰ ক্ষতিসাধন কৰে (man elephant conflict in Assam)।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.