ETV Bharat / technology

পুৰণি স্মাৰ্টফোনটোৰ পৰা WhatsApp Chat বেকআপ কৰিব বিচাৰিছে; সহজ পদ্ধতি জানি লওঁক - Mobile data transfer

author img

By ETV Bharat Tech Team

Published : 2 hours ago

iPhone WhatsApp Backup Tips: নতুনকৈ আইফোন 16 বা আন যিকোনো মডেল ক্ৰয় কৰাৰ পিছত প্ৰত্যেকেই পুৰণি ফোনটোৰ পৰা নতুন ফোনলৈ সকলো ডাটা ট্ৰেন্সফাৰ কৰিবলৈ বিচাৰে । সহজ পদ্ধতিৰে ডাটা ট্ৰেন্সফাৰ কেনেকৈ কৰিব পাৰি জানো আহক...

Etv Bharat
পুৰণি স্মাৰ্টফোনটোৰ পৰা WhatsApp Chat বেকআপ কৰিব বিচাৰিছে; সহজ পদ্ধতি জানি লওঁক (ETV Bharat)

নিউজ ডেস্ক, 21 ছেপ্টেম্বৰ: নতুন স্মাৰ্টফোন কিনাৰ পিছত পুৰণি ফোনটোৰ পৰা ফটো, ভিডিঅ’ৰ দৰে ডাটা ট্ৰেন্সফাৰ কৰাটো এটা কঠিন কাম । বিশেষকৈ iOS ৰ পৰা ডাটা ট্ৰেন্সফাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীয়ে বহু সমস্যাৰ সন্মুখীন হয় । যদি আপুনি নতুন আইফোন ক্ৰয় কৰিব বিচাৰিছে আৰু ডাটা ট্ৰেন্সফাৰৰ বাবে চিন্তিত, তেন্তে চিন্তা নকৰিব । আজি আমি আপোনালোকক ক'ম ডাটা ট্ৰেন্সফাৰৰ আটাইতকৈ সহজ উপায়ৰ বিষয়ে ।

বেকআপ লোৱাৰ পূৰ্বে কি কৰিব

  • পুৰণি আইফোনৰ পৰা নতুন আইফোনলৈ ডাটা ট্ৰেন্সফাৰ কৰাৰ আগতে প্ৰথমে মোবাইল ৱাই-ফাই আৰু ব্লুটুথ অন কৰক ।
  • পুৰণি আৰু নতুন স্মাৰ্টফোন ইটোৱে সিটোৰ লগত সংযুক্ত হোৱাটো নিশ্চিত কৰক ।
  • তাৰ পিছত "Transfer from iPhone" বিকল্প নিৰ্বাচন কৰক । ইয়াৰ পাচতে পুৰণি ফোনটোৰ পৰা নতুন ফোনটোলৈ সহজেই ডাটা ট্ৰেন্সফাৰ কৰিব পাৰিব ।

Chat কেনেকৈ সলনি কৰিব

'Chat Transfer' বিকল্পৰ জৰিয়তে আপুনি আইক্লাউডৰ সহায় অবিহনে পোনপটীয়াকৈ হোৱাটছএপলৈ ব্যক্তিগত বাৰ্তা, ফটো, ভিডিঅ' আৰু নথিপত্ৰ ট্ৰেন্সফাৰ কৰিব পাৰিব । পুৰণি ফোনটোৰ পৰা নতুন আইফোনলৈ সকলো হোৱাটছএপ এপ ডাটা ট্ৰেন্সফাৰ কৰিবলৈ তলৰ ষ্টেপসমূহ অনুসৰণ কৰক । আনকি পুৰণি ডিভাইচত ব্যৱহৃত যোগাযোগৰ নম্বৰ নতুন ফোনলৈ ট্ৰেন্সফাৰ কৰিব পাৰি ।

  • Settings লৈ যাওঁক > Chats > Transfer chats to iPhone > পুৰণি আইফোনৰ Start option লৈ যাওঁক ।
  • QR Code বিকল্পটো ওলাব । প্ৰথমে নতুন আইফোনত হোৱাটছএপ স্কেন কৰাৰ আগতে খুলিব ।
  • পুৰণি হোৱাটছএপটো খুলি 'Chat History Transfer' অপচনত ক্লিক কৰক । আপুনি দেখিব যে আপোনাৰ ডাটা সহজে ট্ৰেন্সফাৰ হ’ব ।
  • তাৰ পিছত নতুন আইফোন হোৱাটছএপ কেমেৰাৰে পুৰণি ফোনটোৰ QR ক’ড স্কেন কৰি ডাটা ট্ৰেন্সফাৰ কৰিব পাৰিব ।

বেকআপ বিকল্প

আমাৰ হাতত 3 টা বেকআপ বিকল্প আছে, যিবোৰ ব্যৱহাৰ কৰি হোৱাটছএপৰ ডাটা অতি সহজে ট্ৰেন্সফাৰ কৰিব পাৰি । 'iCloud' ব্যৱহাৰ কৰি ডাটা বেকআপ ল'ব পাৰি । যদি আপোনাৰ MacOS আছে, তেন্তে আপুনি ডাটাও ট্ৰেন্সফাৰ কৰিব পাৰে ।

1) হোৱাটছএপ বেকআপ

WhatsApp > Settings > Chats > Chat Backup > create a backup এই পদক্ষেপ অনুসৰণ কৰি আপুনি iCloud ত তথ্য সংৰক্ষণ কৰিব পাৰিব । নতুন আইফোনত একেটা আইক্লাউড একাউণ্ট খুলিলে সকলো ডাটা আপোনাৰ নতুন ফোনলৈ আহিব ।

2) iCloud বেকআপ

মোবাইলত iPhone Settings খোলক আৰু iCloud নিৰ্বাচন কৰক । তাৰ পিছত iCloud Backup নিৰ্বাচন কৰক ।

3) কম্পিউটাৰ বেকআপ

আপুনি iTunes আৰু Finder এপ ব্যৱহাৰ কৰি ডাটা বেকআপ ল’ব পাৰে ।

লগতে পঢ়ক: 10 মিনিটৰ ভিতৰতে ঘৰতে লাভ কৰক iPhone 16 - iPhone 16 within 10 minutes

বজাৰত মুকলি realme ৰ নতুন টেবলেট - Lowest price tablets in India
হোৱাটছ এপত আহে নেকি বিজুলী বিল ! ক্লিক কৰাৰ পূৰ্বে সাৱধান - Digital scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.