ETV Bharat / sports

শুভমন গিলৰ পঞ্চমটো টেষ্ট শতক; ভংগ কৰিলে বিৰাট কোহলীৰ অভিলেখ - INDIA VS BANGLADESH 1ST TEST

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Shubman Gill breaks Virat Kohli Record: চেন্নাই টেষ্টৰ তৃতীয়টো দিনত ভাৰতীয় তাৰকা বেটছমেন শুভমন গিলৰ শতক অৰ্জন ৷ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে অৰ্জন কৰে কেৰিয়াৰৰ পঞ্চমটো টেষ্ট শতক ৷ সমান্তৰালকৈ ভংগ কৰে বিৰাট কোহলীৰ অভিলেখ ৷

INDIA VS BANGLADESH 1ST TEST
শুভমন গিল (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 21 ছেপ্টেম্বৰ: ভাৰতৰ তাৰকা বেটছমেন শুভমন গিলে ভাৰত-বাংলাদেশৰ মাজত চলি থকা চেন্নাই টেষ্টৰ তৃতীয় দিনটোত সুন্দৰ শতক অৰ্জন কৰে । এয়া হৈছে 25 বছৰীয়া সোঁহতীয়া বেটছমেনগৰাকীৰ টেষ্ট কেৰিয়াৰৰ পঞ্চমটো শতক ৷ সমান্তৰালকৈ গিলে ভংগ কৰে বিৰাট কোহলীৰ এক অভিলেখ ৷

গিলে ভংগ কৰিলে বিৰাটৰ অভিলেখ

চেন্নাই টেষ্টৰ তৃতীয় দিনা শুভমন গিলে শতক অৰ্জন কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জনকাৰী বেটছমেনৰ তালিকাত নিজৰ নাম সংযোজন কৰে ৷ এই তালিকাত পূৰ্বৰে পৰা থকা বিৰাট কোহলীক অতিক্ৰম কৰি স্থান দখল কৰে গিলে ।

শনিবাৰে বাংলাদেশৰ বিৰুদ্ধে অৰ্জন কৰা এই শতকটো টেষ্ট ক্ৰিকেট আৰু ডব্লিউ টি চি-ত গিলৰ পঞ্চমটো শতক ৷ সম্প্ৰতি বিৰাট কোহলী, ঋষভ পন্ত আৰু ময়ংক আগৰৱালক অতিক্ৰমি তালিকাৰ দ্বিতীয় স্থান দখল কৰে শুভমন গিলে ৷

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰাৰ সামগ্ৰিক অভিলেখ আছে দলটোৰ অধিনায়ক ৰোহিত শৰ্মাৰ নামত । 37 বছৰীয়া সোঁহতীয়া বেটছমেনগৰাকীয়ে এতিয়ালৈকে ডব্লিউ টি চি-ৰ 33 খন মেচত 9 বাৰকৈ অৰ্জন কৰিছে শতক ৷

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ হৈ সৰ্বাধিক শতক

  • ৰোহিত শৰ্মা - 9
  • শুভমন গিল - 5
  • বিৰাট কোহলী - 4
  • ময়ংক আগৰৱালা - 4
  • ঋষভ পন্ত - 4

ভাৰতৰ দ্বিতীয় ইনিংছ (287/4) ঘোষণা

চেন্নাই টেষ্টৰ তৃতীয় দিনা ভাৰতে 4 টা উইকেট হেৰুৱাই 287 ৰাণ সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে ৷ বাংলাদেশৰ বিৰুদ্ধে মুঠ 514 ৰাণৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে । দ্বিতীয় ইনিংছত ভাৰতৰ হৈ শুভমন গিল আৰু ঋষভ পন্তে শতক অৰ্জন কৰে । 109 ৰাণ সংগ্ৰহ কৰি মেহদী হাছান মিৰাজৰ বলত ধৰাশায়ী হৈছিল পন্ত । আনহাতে, 10 টা চাৰি আৰু 4 টা ছয়ৰ সহায়ত 119 ৰাণৰ দৰ্শনীয় ইনিংছ খেলি অপৰাজিত হৈ ৰয় শুভমন গিল ।

2024 চনৰ 8 মাৰ্চত ধৰ্মশালাত ইংলেণ্ডৰ বিৰুদ্ধে খেলা অন্তিমখন টেষ্টত ভাৰতৰ হৈ শুভমন গিলে অৰ্জন কৰিছিল শতক । কিন্তু চেন্নাই টেষ্টৰ প্ৰথম ইনিংছত ৰাণ সংগ্ৰহৰ বাবে খাটাই খুলিব নোৱাৰিলে ক্ৰিকেটাৰগৰাকীয়ে ৷

লগতে পঢ়ক: 634 দিনৰ পিছত ৰঙা বলৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঋষভ পন্তৰ: দলক উপহাৰ দিলে শতকীয় ইনিংছ - IND VS BAN 1ST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.