Vishwakarma Puja 2023: বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত সাংবাদিকসকলে কৰিলে বিশ্ব খনিকৰক আৰাধনা - সাংবাদিকসকলে কৰিলে বিশ্ব খনিকৰক আৰাধনা
🎬 Watch Now: Feature Video


Published : Sep 18, 2023, 11:01 PM IST
ডিব্ৰুগড়, ১৮ ছেপ্টেম্বৰ: আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা । ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ আজি ডিব্ৰুগড়তো বিভিন্ন স্থানত পুৱা ভাগৰে পৰা পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয় । বিগত বৰ্ষৰ দৰে এইবাৰো উজনিৰ সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত ক্লাৱৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বিশ্বকৰ্মা পূজা আয়োজন কৰা হয় ।
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে চহৰখনৰ কৰ্মৰত সংবাদকৰ্মীসকল একত্ৰিত হৈ পূজাভাগ অনুষ্ঠিত কৰা হয় । পূজাৰীৰ মন্ত্ৰোচাৰণৰে বছৰটোৰ বাবে কুশল মংগল কামনা কৰে সমূহ সংবাদকৰ্মীসকলে । প্ৰতিটো সংবাদ গোষ্ঠীৰ মংগল কামনাৰে বুম মাইক, ল'গ' কেমেৰা লাইভ বেগপেক, সা-সৰঞ্জাম ইত্যাদি লৈ সম্পন্ন হয় পূজা । উল্লেখ্য যে, উজনিৰ সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত সাংবাদিকসকলে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ।
লগতে পঢ়ক: Vishwakarma Puja : অস্ত্ৰ-শস্ত্ৰ পূজাৰে মৰাণ আৰক্ষীয়ে অনুষ্ঠিত কৰিলে বিশ্বকৰ্মা পূজা