Moni Madhab Mahanta Marriage : মণি মাধৱৰ মাঘত বিয়া; ৰাইজৰ গাত তত্ নাইকীয়া - মণি মাধৱ বিয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 9, 2023, 10:58 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব মনি মাধৱ মহন্তই । সুদীৰ্ঘ ২০ বছৰ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত আছিল মণি মাধৱ মহন্ত । আছুৰ উপ সভাপতি পদ অলংকৃত কৰা মণি মাধৱ মহন্তই ছাত্ৰ সংগঠনৰ পৰা বিদায় লৈছিল । আছু ত্যাগ কৰি যোগদান কৰিছিল অগপ দলত । শেহতীয়াকৈ নগাঁও জিলা অগপৰ সভাপতি পদত থকা বিশিষ্ট সমাজকৰ্মী নেতা মণি মাধৱ মহন্তই যুগ্ম জীৱন আৰম্ভ কৰিব ওলাইছে এই মাঘত (Moni Madhab Mahanta Marriage)। শিপিনী গাঁও হিচাবে খ্যাত কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ শিপিনী মহিলাসকলে মণি মাধৱৰ বিয়াত উপহাৰ দিব অসমীয়াৰ স্বাভিমান গামোছাৰ টোপোলা । সেয়ে শিপিনীসকলে আজিৰে পৰা আৰম্ভ কৰিছে তাঁত-বাতিশিপিনী গাঁও খ্যাত কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱত বিয়াৰ নিমন্ত্ৰণ দিবলৈ আজি বৌয়েকৰ সৈতে আহি উপস্থিত হ’লহি মণি মাধৱ মহন্ত । এক আনন্দমুখৰ পৰিৱেশ আজি শিপিনী গাঁও খ্যাত কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱত । উৰুলি মঙল ধ্বনিৰে আদৰি আনে মণি মাধৱ মহন্তক । আঠুকাঁঢ়ি বৌয়েকৰ সৈতে মণি মাধৱ মহন্তই শিপিনীসকলক নিমন্ত্ৰণ দিলে বিয়ালৈ । ১৫ মাঘ ৩০ জানুৱাৰীত বিয়া আৰু অভ্যৰ্থনা ১ ফেব্ৰুৱাৰীত । যাৰ বাবে এতিয়া উদুলি-মুদুলি বালিসত্ৰৰ বাকৰি । শিপিনী মহিলাসকলে হিয়া উজাৰি এজোলোকা আৰ্শীবাদ দিলে দৰা মণি মাধৱ মহন্তক ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.