Villagers refused to bury body: এঘৰীয়া লোকৰ ঘৰত নিমন্ত্ৰণ খোৱাৰ বাবেই মৃতদেহ সৎকাৰৰ বাবে নাহিল ৰাইজ

🎬 Watch Now: Feature Video

thumbnail
হায় মানৱতা ! ৰাইজে এঘৰীয়া কৰা লোকৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খাবলৈ যোৱাৰ বাবেই মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল গাঁৱৰ ৰাইজ (Villagers refused to bury body) ৷ তেজপুৰৰ বিহগুৰিত সংঘটিত হৈছে এই ঘটনা ৷ উল্লেখ্য যে সোমবাৰে বিহগুৰিস্থিত ৰণিতা শইকীয়া নাথ নামৰ এগৰাকী মহিলাৰ ভাতৃ ঢুকাইছিল ৷ পৰিয়ালটোৰ একমাত্ৰ মহিলা ৰণিতা শইকীয়া নাথে ভাতৃৰ মৃত্যুৰ কথা জনাইছিল ৰাইজক ৷ সেইমতেই ৰাইজেও কথা দিছিল মৃতদেহ সৎকাৰৰ বাবে আহিব ৷ পিছে ওৰে নিশা মৃতদেহ সমুখত লৈ বহি থাকিল ভগ্নী ৰণিতা ৷ কিন্তু সৎকাৰৰ বাবে নাহিল এজনো লোক ৷ পিছত মঙলবাৰে পুৱা ৰণিতাই গাঁৱৰ এজন লোকক ফোন কৰি সোধাত ক’লে, "এঘৰীয়া লোকৰ ঘৰত নিমন্ত্ৰণ খাব গৈছিলা যেতিয়া সিহঁতক লৈয়ে সৎকাৰ কৰা"৷ কি আচৰিত ৷ চুবুৰীয়া ৰাইজে এঘৰীয়া কৰা লোকৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খাবলৈ যোৱাৰ বাবেই মৃতকৰ ঘৰলৈ নাহিল ৰাইজ ৷ উল্লেখ্য যে এবছৰ পূৰ্বে মহিলাগৰাকীৰ স্বামী ঢুকাইছিল ৷ এতিয়াও কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বলি হৈ এটা পৰিয়ালৰ বিপদৰ সময়ত ৰাইজে লগ এৰি দিয়া ঘটনা সচাকৈয়ে মানৱ জাতিৰ বাবে চৰম লজ্জাজনক ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.