Vijyayadashmi: দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰত জ্বলিল ১০০ ফুট উচ্চতাৰ বিশালকায় ৰাৱণৰ প্ৰতিমূৰ্তি - দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰ
🎬 Watch Now: Feature Video


Published : Oct 25, 2023, 8:12 AM IST
ডিব্ৰুগড়, ২৫ অক্টোবৰ: চাৰিদিনীয়া উৎসৱমুখৰ পৰিৱেশৰ মাজত মঙলবাৰে ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে । দেৱী বিসৰ্জনস্থলীত কোনো ধৰণৰ বিশৃংখল পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰবাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে । ইয়াৰ মাজতে দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰত এক নান্দনিক পৰিৱেশত নিৰ্মাণ কৰা প্রায় ১০০ ফুট উচ্চতাৰ বিশালকায় ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হয় ।
বিশালকায় ৰাৱণৰ প্ৰতিমূৰ্তি দাহ উপভোগ কৰিবলৈ দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰত হাজাৰ হাজাৰ ৰাইজৰ সমাগম হয় । ৰাৱণ দাহনৰ পূৰ্বে ৰাৱণ বধৰ এক নাট্যৰূপ ৰাইজৰ আগত উপস্থাপনৰ ব্যৱস্থা কৰে উদ্যোক্তাসকলে । এই ৰাৱণ বধৰ জৰিয়তে সমাজৰ পৰা যাতে অপায় অমংগল বিনাশ হয় তাৰেই কামনা কৰা উদ্যোক্তাসকলে ৷
লগতে পঢ়ক: Durga Idol Immersion Biswanath : বিশ্বনাথত ব্যাপক আনন্দ-উল্লাসৰ মাজেৰে দেৱীৰ প্ৰতিমা বিসৰ্জন