thumbnail

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 1:08 PM IST

ETV Bharat / Videos

2024 ত ডিব্ৰুগড় লোকসভা সমষ্টি দখলৰ বাবে সাজু নেকি আপ?

ডিব্ৰুগড়, 28 নৱেম্বৰ: লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দলৰ মাজতে । বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যত অন্তৰ্ভুক্ত দলসমূহেও সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কাম-কাজ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ সমান্তৰালভাৱে বিৰোধী ঐক্যত চামিল হোৱা আপ, অসম জাতীয় পৰিষদে প্ৰাৰ্থীত্ব দিব খোজা কেইবাটাও সমষ্টিত চলাইছে ৰাজনৈতিক কুচকাৱাজ । 

আপে ৰাজ্যৰ 5 টা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে কাম কাজ কৰা বুলি জানিবলৈ দিছে আপ অসমৰ উপ-সভাপতি মনোজ ধানোৱাৰে । Etv ভাৰতৰ সৈতে মৰাণত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ধানোৱাৰে কয়, "ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ, ধুবুৰী আৰু বৰপেটাত প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে সাংগঠনিক কাম কাজ চলাই থকা হৈছে ।" 

আপৰ উপ- সভাপতি মনোজ ধানোৱাৰে নিজেই লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ ডিব্ৰুগড় লোকসভা সমষ্টি । ডিব্ৰুগড় লোকসভা সমষ্টিত ধানোৱাৰে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰস্তুতি । বিৰোধী ঐক্যত চামিল হোৱা আপক ডিব্ৰুগড় লোকসভা সমষ্টি এৰি দিয়ে নে নাই সেয়া হ’ব পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: লক্ষ্য লোকসভা নিৰ্বাচন; ডিব্ৰুগড়ৰ পৰা আপ অসমে আৰম্ভ কৰিলে গাঁৱলৈ যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.