Rajen Sharma Tamuli is no more: তিতাবৰৰ সংবাদ জগতৰ বাটকটীয়া ৰাজেন শৰ্মা তামুলী আৰু নাই - Veteran journalist Rajen Sharma Tamuli Death

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 6:28 PM IST

যোৰহাট,৯ নৱেম্বৰ: তিতাবৰৰ সংবাদ মাধ্যমৰ বাটকটীয়া, যোৰহাট জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, তিতাবৰ প্ৰেছ ক্লাৱৰ উপদেষ্টা, কবি ,সাহিত্যিক ,সমাজকৰ্মী ৰাজেন শৰ্মা তামুলীৰ দেহাৱসান । বুধবাৰে নিশা যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় প্ৰবীণ সাংবাদিকগৰাকীয়ে । বৃহস্পতিবাৰে পুৱা নিজ বাসভৱনৰ পৰা বিশিষ্ট সাংবাদিকগৰাকীৰ নশ্বৰদেহ লৈ যোৱা হয় তিতাবৰ সাহিত্য সভা ভৱনলৈ ।  

ইয়াৰ পাছতে তিতাবৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ইয়াৰ পাছতে তিতাবৰ প্ৰেছ ক্লাৱৰ বাকৰিত বিশিষ্ট ব্যক্তিগৰাকীৰ নশ্বৰদেহত বিভিন্ন অনুষ্ঠান-প্ৰতিস্থান আৰু শুভাকাংক্ষীসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৪ বছৰ । তেখেতৰ মৃত্যুত তিতাবৰ লগতে যোৰহাটতো গভীৰ শোকৰ ছাঁ পৰিছে । উল্লেখ্য যে তিতাবৰৰ সংবাদক্ষেত্ৰখনক আগুৱাই লৈ যোৱা আৰু যুৱ প্ৰজন্মক সংবাদ ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা চলাই গৈছিল ৰাজেন শৰ্মা তামুলীয়ে ।  

লগতে পঢ়ক: Youth Congress Rally : পানী নোহোৱা পুখুৰীৰ মাছৰ দৰে অসমত বিজেপি নেতাই চটফটাইছে : ৰাণা গোস্বামী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.