thumbnail

By

Published : Mar 21, 2023, 9:13 AM IST

Updated : Mar 21, 2023, 9:48 AM IST

ETV Bharat / Videos

Smuggled cattle seized at Kaliabor: অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি বাহন জব্দ

কলিয়াবৰ, 21 মাৰ্চ : পুনৰ জব্দ অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি বাহন ৷ মিছা আৰক্ষীয়ে এক অভিযানত ৮ টাকৈ গৰুসহ এখন বাহন জব্দ কৰাৰ লগতে আটক কৰে তিনিজনকৈ সৰবৰহকাৰী (Smuggled cattle seized at Kaliabor) ৷

ৰাজ‍্যত এতিয়াও অবৈধভাৱে গৰুৰ সৰবৰাহ অব‍্যাহত আছে । গো-সুৰক্ষাৰ আইনখনক অৱজ্ঞা কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অব‍্যাহত আছে অবৈধভাৱে গৰু সৰবৰাহৰ ৰমৰমীয়া ব্যৱসায় । তাৰ মাজতে গোধনৰ লগতে বহুসংখ্যক সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিছে যদিও অসাধু চক্ৰৰ দ্বাৰা এতিয়াও অব্যাহত আছে এই গৰু সৰবৰাহ ৷

সোমবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মিছা আৰক্ষীৰ জালত পৰে চোৰাংভাৱে গৰু কঢ়িয়াই অনা এখন বাহন । AS02 CC 7317 নম্বৰৰ বলেৰ' পিকআপ বাহনখনত সৰবৰাহকাৰীয়ে কঢ়িয়াই আনিছিল ৮ টাকৈ গৰু । বাহনখনৰ পৰা চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আনাৰুল ইছলাম আৰু আমাৰুদ্দিন ইছলাম নামৰ দুজন লোকক মিছা আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Drug trafficking: নগাঁৱক ড্ৰাগছ মুক্ত কৰাত চূড়ান্ত ব্যৰ্থ আৰক্ষী

Last Updated : Mar 21, 2023, 9:48 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.