গুৱাহাটীৰ বেহাৰবাৰীত নিশা দাওদাওকৈ জ্বলি উঠিল চাৰিচকীয়া বাহন
🎬 Watch Now: Feature Video
গুৱাহাটী ৪ ডিচেম্বৰ: দেওবাৰে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন । জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে গৈ থকা অৱস্থাত হঠাৎ বেহাৰবাৰী নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত জ্বলি উঠে বাহনখন । ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও সম্পূৰ্ণৰূপে জুইত জাহ যায় বাহনখন ।
দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত এই ঘটনাটো সংঘটিত হৈছিল যদিও প্ৰায় এঘন্টা পিচতহে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী লোক উপস্থিত হয় । এই ঘটনাৰ ফলত বাহনখনৰ লগতে নৱ নিৰ্মিত উৰণ সেতুখনৰো কিছু পৰিমাণে ক্ষতি হয় । বাহনখন কি কাৰণত জ্বলি উঠে সেয়া বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও যান্ত্ৰিক বিজুতিৰ ফলতে বাহনখন জ্বলি উঠাৰ ধাৰণা কৰা হৈছে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বেও খানাপাৰাত এখন ইন্ধনভৰ্তি ট্ৰেংকাৰ যান্ত্ৰিক বিজুতিৰ ফলত জ্বলি উঠিছিল । এই ঘটনাৰ ফলত সৌভাগ্যক্ৰমে ৰক্ষা পৰিছিল সমগ্ৰ অঞ্চলটো ।
লগতে পঢ়ক: নিশা যোৰহাট টাউনৰ মাজমজিয়াত ট্ৰাকৰ চেপাত নিহত বাইক আৰোহী