Veerangana Mula Gavru Award: ৰীতা চৌধুৰীক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান
🎬 Watch Now: Feature Video
মৰাণ,৩ এপ্ৰিল: টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত দেওবাৰে সোণাৰি নগৰত অনুষ্ঠিত কৰা হয় বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান(Veerangana Mula Gavru Award) । বীৰাংগনা মূলাগাভৰুৰ জীৱনাদর্শন, বলিষ্ঠ ভূমিকা আৰু ত্যাগৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি আৰু উচিত মর্যাদাৰে সুঁৱৰি ২০১৩ বর্ষৰ পৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত এই অনুষ্ঠান(Veerangana Mula Gavru Award to Rita Chowdhury) ।
এইবেলি ৰাজ্যখনৰ বিশিষ্ট লেখিকা ৰীতা চৌধুৰীক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান কৰে টাই আহোম যুৱ পৰিষদ অসমে । টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ উদ্যোগত চৰাইদেউ জিলাবাসীৰ সহযোগত জিলাখনৰ সোণাৰিস্থিত ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত আয়োজন কৰা হয় এই বঁটা প্ৰদান অনুষ্ঠানটিৰ । দেওবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিৰ পুৱা পতাকা উত্তোলন কৰে বুৰঞ্জীবিদ প্ৰিয়বৰ কোঁৱৰে আৰু মাল্যাৰ্পণ কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়াই(Veerangana Mulagavaru Award Ceremony) ।
দিনযোৰা কাৰ্যসূচীৰ অন্তত নিশা বিশিষ্ট লেখিকা ৰীতা চৌধুৰীক মূলা গাভৰু বঁটা প্ৰদান কৰে আহোম জনগোষ্ঠীৰ অন্যতম সংগঠন টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই । প্ৰতিকূল বতৰৰ মাজতো কেইবা শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান ।
লগতে পঢ়ক: Boko MLA Nandita Das controversy : কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ গুপ্তচৰ; বিতৰ্কত বিধায়িকা নন্দিতা দাস