ETV Bharat / state

earphone-ই হ’ল কাল ! মুহূৰ্ততে মুণ্ড ছিন্ন হ’ল এজন কিশোৰৰ - RUN OVER BY TRAIN

কাণত earphone লৈ মোবাইলত ব্যস্ত আছিল ৰনীল ৷ যেন কালৰ বাবেই তেওঁ অপেক্ষাৰত আছিল ! পুৱাই ৰে’লৰ খুন্দাত নিহত হ’ল ১৬ বছৰীয়া ৰনীল দলে ৷

16 year old killed after being hit by train in Jonai
ৰে’লৰ খুন্দাত নিহত হ’ল ১৬ বছৰীয়া ৰনীল দলে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 30, 2025, 11:41 AM IST

জোনাই : এডাল earphone আৰু এজন যুৱকৰ ছিন্নমুণ্ড... নিমিষতে শেষ হ’ল এটা জীৱন ৷ মোবাইল ফোনটোত ইমানেই ব্যস্ত আছিল যে চাৰিওকাষে কি হৈ আছিল একোৱে গম পোৱা নাছিল ৰনীল দলেই ৷ পুৱাই কিতাপ আওৰাৰ সলনি ৰে’ল লাইনত বহি মোবাইল চোৱাত ব্যস্ত আছিল ৰনীল ! কেৱল কালৰ বাবেই যেন ৰে’ল লাইনত বহি বাট চাই ৰৈছিল ৰনীলে !

সকলো ধ্বংস ! মুহূৰ্ততে শেষ হৈ গ’ল সকলো ৷ পুৱাই earphone কাণত লগাই ৰে’ল লাইনত বহি মোবাইলত চোৱাত ব্যস্ত ৰনীলে গম পোৱা নাছিল ৰে’ল অহাৰ শব্দ ৷ তীব্ৰবেগত অহা এখন ৰে’লে নিমিষতে মহতিয়াই লৈ যায় ৰে’ল লাইনত বহি মোবাইল চাই থকা ৰনীলক ৷ তাৰ পাচত... সকলো শেষ... তীব্ৰবেগী ৰে’লৰ খুন্দাত ছিন্ন ভিন্ন হৈ পৰে ৰনীল দলেৰ দহটো ৷

ৰে’লৰ খুন্দাত নিহত হ’ল ১৬ বছৰীয়া ৰনীল দলে (ETV Bharat)

এই খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত এক শোকৰ পৰিৱেশৰে বিৰাজ কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে পুৱাই ৰে’লৰ খুন্দাত নিহত হোৱা ১৬ বছৰীয়া ৰনীল দলে আছিল জোনাইৰ তেলেম জামজিং গাঁৱৰ উমেশ দলেৰ প্ৰথম পুত্ৰ ৷

ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘আমি খবৰ পোৱাৰ মাত্ৰেই উক্ত স্থানত উপস্থিত হৈছিলো ৷ গাঁওবাসীয়ে আমাক জনোৱা মতে, ৰে’ল লাইনত earphone লগাই ল’ৰাজনে বহি আছিল ৷ ইফালে জোনাইৰ মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনৰ দিশৰ পৰা ৰে’লৰ এটা ইঞ্জিন আহি আছিল ৷ ৰে’লৰ ইঞ্জিনটো লৈ অহা ৰে’ল চালকজনে বহুবাৰ হৰ্ণ বজাইছিল ৷ কিন্তু কাণত earphone লাগি থকা বাবে তেওঁ শুনা নাছিল ৷ যাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হ’ল ৷ আমিও মৃতদেহৰ নিচেই কাষতে নিহত যুৱকজনে ব্যৱহাৰ কৰা হেডফোন পাইছো ৷’’

লগতে তেওঁ কয়, ‘‘ইতিমধ্যে ৰে’লৱে আৰক্ষীয়ে আৰু স্থানীয় ৰাইজে উপস্থিতিত মৃহদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷’’

এই ঘটনাক লৈ একাংশ সচেতন মহলে উত্থাপন কৰি বহু প্ৰশ্ন ৷ কিয়নো নিজৰ জীৱনকলৈ কিমান সচেতন আজিৰ যুৱ-প্ৰজন্ম ! ৰে’ল লাইনত বহি মোবাইল চোৱাত মগ্ন হৈ পৰা বা দিনটোৰ সৰহভাগ সময় মোবাইলত ব্যস্ত থকা আজিৰ একাংশ যুৱপ্ৰজন্মই কেনেকৈ আগুৱাই নিব নিজক বা সমাজখনক - এই লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ !

লগতে পঢ়ক : অৰুণাচলৰ পাহাৰৰ পৰা ১০০০ ফুট তলত পৰিল নুমলীগড়ৰ গাড়ী: মহিলাসহ নিহত চাৰি

লগতে পঢ়ক : ভাৰতত এই পৰ্যন্ত সংঘটিত কেইটামান উল্লেখযোগ্য কয়লাখনি দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.