thumbnail

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:52 PM IST

ETV Bharat / Videos

বীৰ বাল দিৱস উপলক্ষে বঙাইগাঁৱত শোভাযাত্ৰা

বঙাইগাঁও, ২৬ ডিচেম্বৰ : মঙলবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে বীৰ বাল দিৱস ৷ বিভিন্ন প্ৰান্তৰ দৰে বঙাইগাঁৱতো পালন কৰা হয় বীৰ বাল দিৱস ৷ এই দিৱস উপলক্ষে বঙাইগাঁৱৰ গান্ধী ময়দানৰ পৰা পাগলাস্থান গুৰুদ্বাৰলৈকে শিখ সমাজৰ উদ্যোগত উলিওৱা হয় শোভাযাত্ৰা ৷

বীৰ বাল দিৱস উপলক্ষে বঙাইগাঁও চহৰৰ গান্ধী ময়দানৰ পৰা পাগলাস্থান গুৰুদ্বাৰলৈকে উলিওৱা শোভাযাত্ৰাত শিখ সমাজৰ লোকসকলৰ লগতে বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায়, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাস, বঙাইগাঁও জিলা বিজেপিৰ বিষয়ববীয়া আৰু শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, কেন্দ্ৰীয় বিজেপি চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজি সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাতো বিজেপি জিলা সমিতিয়ে শিখ সমাজৰ উদ্যোগত বীৰ বাল দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : দেশ-জাতিৰ বাবে প্ৰাণ আহুতি দিয়া দুই বীৰক স্মৰণ কৰি বীৰ বাল দিৱস পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.