Flood in Dhemaji: ধেমাজিৰ বিস্তীৰ্ণ অঞ্চলত ভদীয়া বানৰ তাণ্ডৱ - ভদীয়া বানৰ তাণ্ডৱ
🎬 Watch Now: Feature Video
ধেমাজি, 22 আগষ্ট: ধেমাজিত ভদীয়া বানৰ তাণ্ডৱ ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী ঢল ৷ ভদীয়া বানৰ কবলত পৰিছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল ৷ বিশেষকৈ জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জীয়াঢল চাৰিআলিৰ পৰা ন আলি ভজু গাঁৱলৈকে প্ৰায় 1 কিঃমিঃ দৈৰ্ঘৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো ৷ লগতে জীয়াঢল চাৰিআলিৰ উপকণ্ঠ অঞ্চলৰ উপপথ, জীয়াঢল হেচুলি, ভজু গাঁও, দিহিৰি চাপৰি আদি কেইবাখনো গাঁৱৰ বহু লোকৰ ঘৰৰ ভিতৰ আৰু বাৰী চোতাল জলমগ্ন কৰিছে ৷
ইপিনে বাঢ়নী পানীৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি প্ৰশাসনে ধেমাজি তেলিজানৰ পৰা বুটিকোৰ আৰু নৰোৱাথান হৈ লক্ষীমপুৰ-গোগামুখৰ সৈতে লঘু যান বাহন চলাচল কৰাৰ নিৰ্দেশ দিছে ৷ বানত বিস্তীৰ্ণ অঞ্চল বুৰ যোৱাৰ পিচত সাধাৰণ জীৱন যাত্ৰাত ব্যাঘাত জন্মিছে ৷
লগতে পঢ়ক: Indigo flight emergency landing: বিমানৰ ভিতৰতে যাত্ৰীৰ তেজ বমি; জৰুৰী অৱতৰণৰ পাচত মৃত্যু