নুমলীগড়ত বৃহৎ পৰিমাণৰ মূল্যবান কাঠ জব্দ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 1:01 PM IST

thumbnail

গোলাঘাট,৮ ডিচেম্বৰ: নুমলীগড়ৰ কাষৰীয়া কাৰ্বি আংলং জিলাৰ দেইথৰ অঞ্চলৰ বিভিন্ন স্থানত দীৰ্ঘদিনৰ পৰা চলি আহিছে অবাধ গতিত বন ধ্বংস কাৰ্য । বন ধ্বংসকাৰীৰ বিৰূদ্ধে দেইথৰ ফৰেষ্ট বিটৰ বনকৰ্মী দলে অঞ্চলটোৰ বিভিন্ন স্থানত চলাই ব্যাপক অভিযান । অভিযানত কাৰ্বি আংলঙৰ দেইহৰি, আৰলংচুহুকে ধৰি বিভিন্ন অঞ্চলৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ মূল্যবান কাঠ । জব্দ কৰা  প্ৰায় ৩০০ কেবি কাঠৰ বজাৰ মূল্য অনুমানিক ৩ লাখ টকা হ'ব পাৰে বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে ।  

দেইথৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত প্ৰায় এক সপ্তাহ জোৰা চলা অভিযানত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ কাঠ । বৰ্তমান কাঠখিনি বন বিভাগৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবপৰা গৈছে । বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ । উল্লেখযোগ্য দীৰ্ঘদিন ধৰি সমগ্ৰ কাৰ্বি আংলঙৰ বিভিন্ন স্থানত একাংশ লোকে অবাধ গতিত পাহাৰ আৰু সেউজ ভূমি ধংস কৰি চলাই আহিছে অবৈধ বেহা ।  

লগতে পঢ়ক: কামৰূপ আইচ এণ্ড কোল্ড ষ্টোৰৰ বিৰুদ্ধে বে-আইনীভাৱে মাটি দখলৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.