thumbnail

GP Singh on ULFA-I: আলফা (স্বাঃ)ৰ শিবিৰত তেজৰ ফাঁকু; আৰক্ষী সঞ্চালক প্ৰধানৰ মহা-বিস্ফোৰণ

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 7:23 PM IST

গুৱাহাটী, 4 অক্টোবৰ: সেনা-আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ’ল আলফা স্বাধীনৰ নিম্ন সদনৰ প্ৰাক্তন উপ-সভাপতি লাচিত হাজৰিকা ওৰফে এ জেদ শিৰোনাম অসম আৰু মহিলা কেডাৰ বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়াক ৷ এই ঘটনাই এতিয়া ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷  

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে নিৰীহৰ হত্যা বন্ধ হ’ব লাগে ৷ আলফা স্বাধীনক আহ্বান জনাওঁ যে এনেবোৰ ঘটনা ঘটিব নালাগে ৷

আন এক বিস্ফোৰক তথ্য প্ৰদান কৰি তেওঁ কয় যে বিগত 5-6 মাহৰ পূৰ্বে লাভ কৰা তথ্য মতে আলফা স্বাধীনৰ শিবিৰত নিজ কেডাৰক হত্যা কৰা এনে 50টা মান ঘটনা সংঘটিত হৈছে ৷ বিভিন্ন অজুহাত দেখুৱাই নিজৰেই বহু সদস্যক এনেকৈ মৃত্যুদণ্ড বিহা হৈছে ৷ এইদৰে আলফা স্বাধীনলৈ গৈ জীৱন দান কৰাৰ কোনো যুক্তি নাই বুলিও তেওঁ মন্তব্য কৰে ৷  লগতে মৃতদেহকেইটা ঘূৰাই দিয়াৰ বাবেও তেওঁ আহ্বান জনায় ৷ 

স্মৰ্তব্য যে বিগত 20 ছেপ্টেম্বৰতেই আলফা স্বাধীনে তথাকথিত আদালতত বিচাৰ কৰি হত্যা কৰিছিল প্ৰায় তিনিটা দশক ধৰি সংগঠনটোত থকা জ্যেষ্ঠ নেতা লাচিত হাজৰিকা আৰু এবছৰৰ পূৰ্বে যোগদান কৰা নয়নমণি চেতিয়াক ৷ অতি লক্ষণীয়ভাৱে যোৱা 24 ছেপ্টেম্বৰত ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়ন কৰা দুই কেডাৰে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে এই ভয়ংকৰ ঘটনাৰ কথা ৷ ইয়াৰ পাছতহে আলফা স্বাধীনে আনুষ্ঠানিকভাৱে মঙলবাৰে বিবৃতিযোগে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে ৷  

লগতে পঢ়ক: Assam DGP urge to ULFA-I: আলফা (স্বাঃ)ৰ নিকৃষ্ট কাণ্ডক সৰ্বত্ৰে ধিক্কাৰ; দুই কেডাৰৰ মৃতদেহ বিচাৰি পুনৰ আহ্বান জি পি সিঙৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.