thumbnail

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 7:00 PM IST

ETV Bharat / Videos

উজনি অসমৰ উন্নয়নৰ দাবী উত্থাপন উজনি অসম সুৰক্ষা পৰিষদৰ

গুৱাহাটী, ৬ নৱেম্বৰ: উজনি অসম দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আছে বুলি অভিযোগ উত্থাপন কৰিছে উজনি অসম সুৰক্ষা পৰিষদৰ সভাপতি দয়ানন্দ বৰগোহাঁয়ে । গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে অনুষ্ঠিত এখন সংবাদমেলত উজনি অসম সুৰক্ষা পৰিষদৰ সভাপতি দয়ানন্দ বৰগোহাঁয়ে এই অভিযোগ কৰি কয় যে নামনি অসমৰো সমস্যা আছে । কিন্তু নামনি অসমৰ সমস্যা সমাধানৰ বাবে নামনি অসমৰ মানুহে যুঁজিব লাগিব । সংবাদমেলৰ জৰিয়তে তেওঁ উজনি অসমৰ পশ্চিম সীমাত ইনাৰ লাইন পার্মিটৰ (ILP) ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে ।  

তেওঁ লগতে অসমত যিসকল লোকৰ বসবাস ন্য়ূনতম ১০০ বছৰ হোৱা নাই তেওঁলোকে উজনি অসমত মাটি কিনিব নোৱৰাৰ ব্যৱস্থা কৰাৰো দাবী জনায় । উজনি অসমৰ সকলোবোৰ প্ৰাচীন কীৰ্তিচিহ্নক অচিৰেই সংৰক্ষণ, সংবর্ধন আৰু আধুনিক পদ্ধতিৰে সজাই পৰাই তোলাত অগ্ৰাধিকাৰ দিয়াৰো দাবী জনায় । সর্বত্ৰে তলাতল ঘৰৰ গড়ৰ ভিতৰৰ অংশ চৰকাৰে অধিগ্ৰহণ কৰা, উজনি উজনি অসমতেই এক সচিবালয়ত  অনুমোদন কাৰ্যকৰী কৰা, উচ্চ ন্যায়ালয়ৰ এক শাখাৰ সৃষ্টি কৰাৰো তেওঁ দাবী‌ জনায় ।

লগতে পঢ়ক:বিধায়ক ৰঞ্জিৎ দত্তৰ পুত্ৰক আটক, সুৰাসক্ত হৈ গাড়ী চলাই আৰক্ষীৰে তৰ্ক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.