Wild elephants mysterious death: কন্দলীৰ কুঁহিয়াতলীত দুটাকৈ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ - Man Wild Elephant Conflict
🎬 Watch Now: Feature Video
বঢ়মপুৰ, 21 জুলাই: বঢ়মপুৰৰ কন্দলীৰ কুঁহিয়াতলীত পুনৰ মৰ্মান্তিক ঘটনা ৷ কুঁহিয়াতলীৰ পাহাৰৰ নামনিত উদ্ধাৰ হৈছে দুটা বন্যহস্তীৰ মৃতদেহ । শুকুৰবাৰে এটা প্ৰাপ্তবয়স্ক মাইকী হাতীসহ আন এটা বন্যহস্তীৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল ৰাইজে ৷ পুৱাৰ ভাগত দুটাকৈ বন্যহস্তীৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাচতে বন বিভাগক খবৰ দিয়ে ৰাইজে ৷
ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে বন বিভাগৰ লোক ৷ এই পৰ্যন্ত হাতী দুটাৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই ৷ দুৰ্বৃত্তই হত্যা কৰিলে নে অন্য কাৰণত মৃত্যু হৈছে তাৰ সন্ধানত বন বিভাগৰ লোকে তদন্ত অব্যাহত ৰাখিছে । আনহাতে হস্তী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাইছে ৷ কিন্তু মৰ্মান্তিক এই ঘটনাই প্ৰতিক্ৰিয়াই সৃষ্টি কৰিছে ৷ ইফালে দুবছৰৰ পূৰ্বে কন্দলী পাহাৰত 18 টাকৈ বন্যহস্তীৰ মৃত্যুৰ বাতৰিত সকলো মৰ্মাহত হৈছিল ৷
লগতে পঢ়ক:NSUI Protest in Nagaon:মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ NSUI ৰ