Two students injured: পঞ্চায়তৰ ফলক ভাগি গুৰুতৰভাৱে আহত দুই ছাত্ৰ - Two students seriously injured

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 28, 2023, 10:34 PM IST

কৰিমগঞ্জ, 28 মাৰ্চ: ৰাজ্যজুৰি চৰকাৰে উন্নয়নৰ ধাক ঢোল বজাই থকাৰ সময়তে কৰিমগঞ্জৰ নিলাম বজাৰস্থিত ৬৮৬ নম্বৰ লোহাৰপাৰা প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Two students injured breaking signboard) ৷ পঞ্চায়তৰ কামৰ তথ্যসমৃদ্ধ ফলক ভাগি পৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে দুটাকৈ কণমানি শিশু (Two students injured at Nilam Bazar) ৷ সোমবাৰে বিয়লি অংগনবাদী কেন্দ্ৰৰ পৰা শিশু খাদ্য আনিবলৈ গৈছিল গাঁৱৰ বহু ছাত্ৰ-ছাত্ৰী । তেনেকুৱাতে মাতৃৰ লগত দুই শিশুই শিশু খাদ্য আনিবলৈ গৈছিল ৷ 

কিন্তু বিদ্যালয়ৰ উন্নয়নৰ বাবে ফাৰ্মপাষা পঞ্চায়তৰ পৰা আৱন্টিত এটা প্ৰকল্পৰ তথ্যসমৃদ্ধ ফলক লগোৱা আছিল বিদ্যালয়খনৰ চৌহদতে (Panchayat signboard breaking) ৷ কিন্তু হঠাৎ ফলকখন ভাগি পৰাত গুৰুতৰভাৱে আহত হয় শিশু দুটি ৷ এই ঘটনাত আবিৰ হুছেইন নামৰ শিশুটোৰ অৱস্থা সংকটজনক হোৱাত ততালিকৈ শিশুটিক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি নিলাম বজাৰ এলেকাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

এই ঘটনাৰ বাবে ফাৰমপাষা পঞ্চায়তক জগৰীয়া কৰিছে অঞ্চলটোৰ লোকসকলে ৷ স্থানীয় লোকে কোৱামতে ফাৰ্মপাষা পঞ্চায়তৰ নিম্নমানৰ কামৰ বাবে এই ঘটনা সংঘটিত হ’ল ৷  

লগতে পঢ়ক: Road accident: দৰঙত ট্ৰাকে মহতিয়ালে বেলেন’ বাহন; দুজন নিহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.