Inspiring Story : ৰাজপথৰ সংগ্ৰামতেই নহয় জীৱনৰ যুঁজতো হাৰ নমনা দুই ছাত্ৰ নেতা

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 7:20 AM IST

thumbnail

সৰুপথাৰ, 27 অক্টোবৰ : সৰুপথাৰত দুজন ছাত্ৰ নেতাই দেখুৱাইছে জীৱন সংগ্ৰামৰ উৎকৃষ্ট নিদৰ্শন । এইবাৰ ৰাজপথত টায়াৰ জ্বলাই নহয়, নিজ হাতৰ খাদ্যৰ যাদুৰে মোহিত কৰিছে দুই ছাত্ৰ নেতাই ৷ নাম মুনীন শইকীয়া আৰু পৰশমণি চুতীয়া ৷

সৰুপথাৰ নগৰৰ পদপথত দুজন ছাত্ৰ নেতাই আৰম্ভ কৰিছে ‘‘মাখন কেৱল মায়া’’ নামৰ এখন ফাষ্টফুডৰ বিপণী ৷ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ ৰজাপুখুৰী আঞ্চলিক সমিতিৰ সম্পাদক মুনীন শইকীয়া আৰু গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সন্থাৰ সাংগঠনিক সম্পাদক পৰশমণি চুতীয়াৰ এই বিপণীখনে আজি 4 দিনত ভৰি দিছেহি ।

যুৱক দুজনক এই কামৰ বাবে ধনশিৰি চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়া, সম্পাদক ৰক্তিম হাজৰিকা তথা চুতীয়া ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াসকলেও সহায়-সহযোগিতাৰ লগতে প্ৰেৰণা দিছে । ছাত্ৰ সংগঠনৰ নেতাহৈয়ো ৰাজপথৰ বিপ্লৱৰ লগতে জীৱন সংগ্ৰামৰ বিপ্লৱত নামি পৰাৰ বাবে মুনীন শইকীয়া আৰু পৰশমণি চুতীয়া ধনশিৰি মহকুমাত এতিয়া বিশেষভাৱে চৰ্চিত হৈ পৰিছে । তেওঁলোকৰ ফাষ্ট ফুডৰ বিপণীখনত বিভিন্ন খাদ্যৰ জুতি ল’বলৈ গ্ৰাহকে ভিৰ কৰি পৰিলক্ষিত হৈছে ৷ 

লগতে পঢ়ক: Dergaon Youth Suicide Case : আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ আত্মহনন কৰা অজয়ৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.