Illegal chemical Fertilize seized: অবৈধভাৱে কঢ়িয়াই অনা ৯০ বেগ ৰাসায়নিক ডিএপি সাৰসহ গ্ৰেপ্তাৰ দুজনক - ৰাসায়নিক সাৰ ভৰ্তি এখন মিনি ল’ৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 3, 2023, 9:21 PM IST

কৰিমগঞ্জ, 3 আগষ্ট : বাৰ্মিজ চুপাৰিৰ পিচতে এইবাৰ কৰিমগঞ্জ জিলাৰ কঁঠালতলী আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে ৰাসায়নিক সাৰ ভৰ্তি এখন মিনি ল’ৰী। আৰক্ষীয়ে ল’ৰী চালকজনৰ লগতে সহ-চালকজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

ঘটনাৰ তথ্য অনুসৰি বুধবাৰে নিশা প্ৰতিদিনৰ দৰে কঁঠালাতলী আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত আৰক্ষী উপ পৰিদৰ্শক আশীষ মহন্তৰ তত্বাৱধানত এটা দলৰ সৈতে অঞ্চলটোত টহল দিবলৈ ওলাই যায় ৷ পুৱা প্ৰায় ৩ বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ কঠালাতলী বজাৰত এখন মিনি ল’ৰী প্ৰৱেশ কৰাৰ সময়ত আৰক্ষীয়ে ল’ৰীখন ৰ’বলৈ দি তালাচী চলায় ৷ 

আৰক্ষীয়ে ল’ৰীখনত তালাচী চলাই ৯০ বেগ ৰাসায়নিক ডি এ পি সাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰে ল’ৰী চালক জিয়াব উদ্দিন আৰু সহ-চালক দেবব্ৰত দেৱক। চালক জিয়াবৰ ঘৰ ত্ৰিপুৰাৰ উত্তৰ জিলাৰ প্ৰেমতলাত আৰু সহ-চালকটোৰ ঘৰ ত্ৰিপুৰাৰ উত্তৰ জিলাৰ চুৰাইবাৰীত।

আৰক্ষীয়ে ধৃত দুই অভিযুক্তৰ পৰা সাৰৰ বাবে কোনো ধৰণৰ বৈধ নথি-পত্ৰ লাভ কৰা নাছিল। চোৰাং ব্যৱসায়ৰ বাবে ত্ৰিপুৰালৈ এই সাৰ অনা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে । সম্প্ৰতি বাজাৰিচৰা থানাত ধৃত চালক আৰু সহ-চালকটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। 

লগতে পঢ়ক: Heroine seized: 10 কোটি মূল্যৰ হেৰ’ইনসহ সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.