নতুন পৰিবহন আইন বাতিলৰ দাবীত বিলাসীপাৰাত ট্ৰাক চালকৰ প্ৰতিবাদ - Traffic Rules
🎬 Watch Now: Feature Video
Published : Jan 2, 2024, 2:43 PM IST
বিলাসীপাৰা, 2 জানুৱাৰী : নতুন পৰিবহন আইনক লৈ ধুবুৰীৰ বিলাসীপাৰাতো ট্ৰাক চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নতুন পৰিবহন বিধেয়কখন আইনত পৰিণত হোৱাৰ পাচতে ট্ৰাক চালকসকল মহা সংকট পৰিব বুলি অভিযোগ উত্থাপন কৰি মঙলবাৰে বিলাসীপাৰাত ট্ৰাক চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
নতুন পৰিবহন আইনৰ অনুসৰি, ট্ৰাক চালকসকলে দুৰ্ঘটনা কৰি পলায়ন কৰিলে চালকসকলক 10 বছৰ জেইল আৰু 7 লাখ টকাকৈ জৰিমনা ভৰিব লাগিব । সেয়ে আইনখন বাতিল কৰাৰ দাবীত 1 জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ চকা বন্ধৰ আহ্বান জনাইছিল ট্ৰাক চালক সন্থাই ।
ইয়াৰে অংশ হিচাপে দ্বিতীয় দিনত বিলাসীপাৰাৰ সোনামুখী ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক চালকে প্ৰতিবাদ সাব্যস্ত কৰে । ক’লা আইন বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে নতুন পৰিবহন বিধেয়ক আইন বাতিল নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ট্ৰাক চালক সন্থাই ।
লগতে পঢ়ক : বিলাসীপাৰাৰ খুদিগাওঁ দ্বিতীয় খণ্ড গাঁৱত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান