Kavyarishi Nilmani Phookan: কবিতাৰে কাব্যঋষিলৈ শ্ৰদ্ধাৰ্ঘ কলিয়াবৰত - জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 31, 2023, 7:00 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

কলিয়াবৰ, 31 জানুৱাৰী: প্ৰতিজন অসমীয়াৰ বুকু শুদা কৰি ‘‘গোলাপী জামুৰ লগ্ন’’ৰ স্ৰষ্টা কাব্যঋষি নীলমণি ফুকনে যোৱা 19 জানুৱাৰী তাৰিখে ইহলীলা সম্বৰণ কৰে (Kavyarishi Nilmani Phookan death) । অসমীয়া কবিতাপ্ৰেমীয়ে সমগ্ৰ অসমতে পালন কৰিছে কাব‍্যঋষিগৰাকীৰ আদ‍্যশ্ৰাদ্ধ । আজিৰ দিনটোত কলিয়াবৰৰ মিলেনিয়াম বাগিচাত কবিতাৰ মাজেৰে কবি নীলমণি ফুকনক সোঁৱৰণ কৰে কলিয়াবৰীয়া ৰাইজে । কলিয়াবৰৰ মিলেনিয়াম বাগিচাত কবিগৰাকীৰ নামত কাব‍্য-আবৃতি-কথাৰে সমৰ্পিত হ'ল এক অনুষ্ঠান ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰে বিশিষ্ট সাহিত্যিক উপেন বৰকটকীয়ে । কবিগৰাকীৰ মহান ব‍্যক্তিত্বৰ আলোকপাত কৰি বৰকটকীয়ে কয়, সামাজিক জীৱনত অতি অমায়িক, কোনো বিশেষ আকাংক্ষা নথকা ব‍্যক্তিগৰাকীয়ে নৱকান্ত বৰুৱাই অসম সাহিত‍্য সভাৰ সভাপতি পতাৰ বাবে কৰা আগ্ৰহো অতি নম্ৰতাৰে প্ৰত‍্যাখ‍্যান কৰিছিল । সভাত কবিতাগৰাকীৰ কবিতাৰ এক সহজ-সৰল তথা মনোমোহা ব‍্যখ‍্যা দাঙি ধৰে কলিয়াবৰ মহাবিদ‍্যালয়ৰ অসমীয়া বিষয় বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী ৰুণিমা শৰ্মা বৰুৱাই (Tributes paid to Kavyarishi Nilmani Phookan)। 

নাট‍্যকাৰ-লিখক ভূপেন্দ্ৰনাথ হাজৰিকাই আঁত ধৰা অনুষ্ঠানত প্ৰণমিকা অধিকাৰী, উপাসন মহন্ত, দেবজ‍্যোতি বৰা, ৰিদিপ বৰা, ড্ৰীমলি ভূঞাকে ধৰি বহুকেইজন উদীয়মান কবি-আবৃত্তিকাৰে নীলমণি ফুকনৰ কবিতা আবৃত্তি কৰি শ্ৰদ্ধাঞ্জলি জনায় । সভাত প্ৰাক্তন মন্ত্ৰী, অৱসৰপ্ৰাপ্ত অধ‍্যাপক, লেখক গুণীন হাজৰিকা, কলিয়াবৰ মহাবিদ‍্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যাপক প্ৰশান্ত শইকীয়া, সাহিত‍্যিক পেঞ্চনাৰ বিপুল চন্দ্ৰ ভট্টাচাৰ্য‍, শিক্ষাবিদ ভূপেন শৰ্মাই কবিগৰাকীক শ্ৰদ্ধা নিবেদন কৰে । লগতে কলিয়াবৰৰ বহুকেইজন বিশিষ্ট ব‍্যক্তি উপস্থিত থাকে (Kavyarishi Nilmani Phookan)।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ যোৱা 19 জানুৱাৰীত দেহাৱসান ঘটে ৷ মৃত্যুৰ পূৰ্বেই কবিয়ে ইচ্ছা প্ৰকাশ কৰি যোৱা অনুসৰি তেওঁৰ নশ্বৰ দেহ পিচদিনালৈ ৰখাই নথৈ সেইদিনাই ভূতনাথ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ কাব্যঋষিৰ মৃত্যুৱে সমগ্ৰ অসমৰে সাহিত্যানুৰাগীক শোক সাগৰত পেলাই যায় ৷ সূৰ্য হেনো নামি আহে এই নদীয়েদি, গোলাপী জামুৰ লগ্ন, কবিতা আদি কেইবাখনো কবিতাপুথিৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁড়াল টনকিয়াল কৰি থৈ যায় ৷

লগতে পঢ়ক: Nilmani Phookan Letter : নীলমণি ফুকনৰ অবৰ্তমানত উৎকণ্ঠা বাঢ়িছে কাৰ ?

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.