3 schemes added in transport sector: মহানগৰীৰ ৰাজপথত পৰিবহণ বিভাগৰ অভিযান

By

Published : Aug 1, 2023, 5:01 PM IST

thumbnail

গুৱাহাটী,১ জুলাই: পৰিবহণ খণ্ডত নতুনকৈ সংযোজন হল তিনিখনকৈ আঁচনি । সকলো বাহনৰ চালকে ল'ব লাগিব স্মাৰ্ট লাইচেন্স । আগন্তুক তিনি মাহৰ ভিতৰত পৰিশোধ কৰিব লাগিব বাহনৰ অনাদায় ফিটনেছ মাচুল । অন্যথা বাহনসমূহ পৰিবহণ বিভাগে কৰিব স্ক্ৰেপ । ফিটনেছ মাছুলৰ বিলম্ব কৰৰ ক্ষেত্রত স্বত্বাধিকাৰীক দিয়া হৈছে বিশেষ ৰেহাই । 

এই সম্পৰ্কত খানাপাৰা ৰাজপথত পৰিবহণ বিভাগৰ অভিযান। পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত পৰিবহন বিভাগে চলাই এক অভিযান । মহানগৰীত প্ৰৱেশ কৰা প্ৰতিখন বাহনৰ নথি পত্ৰ তন্ন-তন্নকৈ পৰীক্ষা কৰে পৰিবহণ বিষয়াগৰাকীয়ে । লগতে নথি-পত্ৰ নথকা একাংশ বাহনক বিহা হয় জৰিমণা ।  

ইতিমধ্যে স্ক্ৰেপ হোৱা বাণিজ্যিক অথবা ব্যক্তিগত বাহনৰ মালিকসমূহে আগন্তুক তিনি মাহৰ ভিতৰত অনাদায় কৰৰ ২৫% পৰিশোধ কৰিলেও হ'ব বুলি জানিবলৈ দিয়ে পৰিবহণ বিষয়াগৰাকীয়ে । কিন্তু তাৰ বাবে উপস্থাপন কৰিব লাগিব বাহনখন স্ক্ৰেপ কৰাৰ প্ৰমাণ পত্ৰ । ইয়াৰ সমান্তৰাল ভাৱে এম্বুলেন্সৰ ক্ষেত্ৰতো পৰিবহণ বিভাগ কঠোৰ হ'ব বুলি জানিবলৈ দিয়ে ।  

ইতিমধ্যে ১০৮ কে ধৰি বিভিন্ন ব্যক্তিগত এম্বুলেন্সৰ সন্থাৰ সৈতে আলোচনাত মিলিত হৈছে পৰিবহণ বিভাগ । ২৩ আগষ্টত অনুষ্ঠিত কৰা হ'ব এক সজাগতামূলক অনুষ্ঠান । ২৩ আগষ্টৰ পিছত পৰিবহণ বিভাগে গ্ৰহন কৰিব এম্বুলেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিব লগীয়া নীতি-নিয়ম । 

লগতে পঢ়ক: Bajrang Dal Arms trainning: মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.